/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/f3601ffa-d13c-41b6-97e3-d224d6687ecb/8.jpg)
ডিজিটেল সংবাদ, নগাঁও : নগাঁও কলেজ (অট’নমাচ)ৰ এন.এছ.এছ গোট আৰু ছাত্ৰ একতাৰ সভাৰ উদ্যোগত আৰু অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সহযোগত নগাঁও কলেজৰ চৌহদত দীপাৱলিৰ উদযাপনৰ প্ৰাক মুহূৰ্তত এলানী সজাগতা কাৰ্যসূচী আয়োজন কৰা হয়। সজাগতা কাৰ্যসূচীৰ অংশ হিচাপে আতচবাজীৰ বিৰুদ্ধে সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰে এক মানৱ শৃংখল গঠন কৰা হয়।
নগাঁও কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে দীপাৱলিত ফটকা, আতচবাজীৰ পৰা বিৰত থাকি সেউজ দীপাৱলি উদযাপন কৰাৰ সংকল্প গ্ৰহণ কৰে। এই সংকল্প পাঠ কৰোৱায় নগাঁও কলেজৰ আভ্যন্তৰীণ মান আশ্বাসন কোষৰ সমন্বয়ক তথা এন.এছ.এছৰ কাৰ্যসূচী বিষয়া ড০ ভুৱন চন্দ্ৰ চুতীয়াই। প্ৰতিষ্ঠানীয় উদ্ভাৱনা কোষ আৰু পদাৰ্থ বিজ্ঞান বিভাগৰ ছাত্ৰ-ছাত্ৰী, অধ্যাপক-অধ্যাপিকাৰ সহযোগত পানীৰ চাকি নিৰ্মাণ কৰি কেনেদৰে দীপাৱলি উৎসৱটোক পোহৰৰ উৎসৱ হিচাপে অনুকূল পৰিৱেশত উদযাপন কৰিব পাৰি তাৰ এক নিদৰ্শন দাঙি ধৰা হয়। লগতে ছাত্ৰ-ছাত্ৰীসকলে ৰাসায়নিক পদাৰ্থৰে নিৰ্মিত ফটকাৰ শব্দৰ পৰিৱৰ্তে বেলুন ফুটাইও যে দীপাৱলি উৎসৱ উদযাপন কৰিব পাৰি তাৰো এক উদাহৰণ দাঙি ধৰে।
অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে ছাত্ৰ-ছাত্ৰীয়ে লোৱা সংকল্প, মানৱ-শৃংখল গঠনৰ লগতে স্বেচ্ছাই পদাৰ্থবিজ্ঞান আগবাঢ়ি অহাৰ বাবে ভূয়সী প্ৰশংসা কৰে। লগতে ছাত্ৰ-ছাত্ৰীৰ এই ইতিবাচক চিন্তাই সমাজত এক নজিৰ সৃষ্টি কৰিব বুলি মন্তব্য কৰে।
ড০ ভুৱন চন্দ্ৰ চুতীয়াই নগাঁও কলেজৰ এন. এছ. এছ গোট আৰু ছাত্ৰ একতা সভাই প্ৰতি বছৰে দেৱালীৰ প্ৰাকমুহূৰ্তত সজাগতা সৃষ্টিৰ উদ্দেশ্যে মানৱ শৃংখল তৈয়াৰ কৰি আহিছে আৰু ছাত্ৰ-ছাত্ৰীসকলৰ যোগেদি বৃহত্তৰ সমাজলৈ ফটকা, আতচবাজিৰ বিৰুদ্ধে ধাৰাবাহিক সজাগতা সৃষ্টি কৰি আহিছে বুলি মত প্ৰকাশ কৰে। এন. এছ. এছৰ সহকাৰী কাৰ্যসূচী বিষয়া ড০ মানস জ্যোতি নিৰ্মলীয়াই নগাঁও কলেজে ধাৰাবাহিকভাৱে কৰি অহা সজাগতাই বৃহত্তৰ সমাজত সুপ্ৰভাৱ পেলাব বুলি মন্তব্য কৰে। সমাজৰ সকলো স্তৰৰ লোকক উদ্দেশ্য কৰি সেউজ উৎসৱ উদযাপন কৰিবলৈ অনুৰোধ জনায়।
নগাঁও কলেজৰ ছাত্ৰ-একতা সভাৰ সাংস্কৃতিক সম্পাদিকা ৰিয়া বৰদলৈয়ে ফটকাৰ শব্দ আৰু ইয়াৰ পৰা ওলোৱা ধোঁৱাই ৰোগীসকলৰ লগতে সাধাৰণ জনসাধাৰণৰ শ্বাস-প্রশ্বাস, হাঁওফাঁও, হৃদপিণ্ড আদিত কুপ্ৰভাৱ পেলাব বুলি মন্তব্য কৰে।
কলেজৰ উপাধ্যক্ষ ড০ পুলিন চন্দ্ৰ বৰাই বিগত বৰ্ষসমূহত দেৱালীৰ পাৰ্শ্ব ক্ৰিয়া হিচাপে দিল্লীৰ প্ৰদূষণ আৰু জনসাধাৰণে জীয়াতু ভুগাৰ কথা উল্লেখ কৰি জনসাধাৰণক 'শব্দৰ উৎসৱ নহয়, পোহৰৰ উৎসৱহে উদযাপন কৰিবলৈ আহ্বান কৰে আৰু এই উদ্দেশ্যেৰে মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে নগাঁও কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে সেউজ দীপাৱলী উদযাপন কৰিবলৈ আহ্বান কৰিছোঁ বুলি মন্তব্য কৰে।এই কাৰ্যসূচীত কলেজৰ এক সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী, অধ্যাপক-অধ্যাপিকা আৰু অনা শিক্ষক কৰ্মচাৰী সকলোৱে অংশগ্ৰহণ কৰে।
Also Read: শ্বেখ হাছিনালৈ ৰাষ্ট্ৰসংঘৰ চিঠি : খালেদা জিয়াক বিদেশলৈ যাবলৈ অনুমতিৰ অনুৰোধ