নগাঁও-কাছাৰ কাগজ কলঃ বাঁহ-কাঠ-কয়লা যোগানকাৰীক আদায় দিয়া নাই ৪৪০ কোটি টকা

মুখ্যমন্ত্রী ড° হিমন্তবিশ্ব শৰ্মাৰ উদ্যোগত নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীয়ে প্ৰাপ্য ধনকে ধৰি সা-সুবিধাসমূহ লাভ কৰাত বিষয়া-কৰ্মচাৰীসকলৰ মাজত সন্তুষ্টি বিয়পিছে।
নগাঁও-কাছাৰ কাগজ কলঃ বাঁহ-কাঠ-কয়লা যোগানকাৰীক আদায় দিয়া নাই ৪৪০ কোটি টকা

ডিজিটেল সংবাদ,নগাঁও: মুখ্যমন্ত্রী ড° হিমন্তবিশ্ব শৰ্মাৰ উদ্যোগত নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীয়ে প্ৰাপ্য ধনকে ধৰি সা-সুবিধাসমূহ লাভ কৰাত বিষয়া-কৰ্মচাৰীসকলৰ মাজত সন্তুষ্টি বিয়পিছে। কিন্তু এতিয়াও অনিশ্চয়তাত আছে দুয়োটা উদ্যোগৰ এসময়ৰ ঠিকাদাৰ আৰু যোগানকাৰীসকল। দুয়োটা উদ্যোগৰ কঠিন সময়তো ধন বিনিয়োগ কৰি বাঁহ, কাঠ, কয়লাকে ধৰি সকলোধৰণৰ কেঁচামাল যোগান ধৰি অহাৰ লগতে শ্ৰমিকৰ প্ৰাপ্য আদায়ৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীক ঠিকাদাৰ যোগানকাৰী সংস্থাৰ আহ্বান জনাইছে। উল্লেখ্য যে দুয়োটা কাগজ কলৰ যোগানকাৰী সকলে পাবলৈ থাকি গ'ল ৪৪০ কোটি টকা।

জানিব পৰামতে যোৱা ছয় বছৰে এই ধন অনাদায় হৈ থকাত ঠিকাদাৰ যোগানকাৰীসকলৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে। বহু যোগানকাৰী প্ৰতিষ্ঠান দেউলীয়া হোৱাৰ লগতে বেংক আৰু ব্যক্তিগত ঋণত পোত গৈ স্থাৱৰ-অস্থাৱৰ সম্পত্তি বিক্ৰী কৰিবলগীয়া হৈছে। আনকি বহু যোগানকাৰীয়ে প্ৰতিষ্ঠান বন্ধ কৰি দি এতিয়া ধাৰত ককবকাই আছে আৰু তেওঁলোকৰ অন্য ব্যৱসায় কৰিবলৈও হাতত সামান্যতমো ধন নাই বুলি জানিবলৈ দিছে বহুকেইজন যোগানকাৰীয়ে।

উল্লেখযোগ্য যে কাগজ কলৰ বহু যোগানকাৰীৰ কোটি কোটি টকা কেনেকৈ ঘূৰাই পাব, তাক ভাবি দিন পাৰ কৰাৰ সময়তে উদ্যোগ দুটাৰ বিষয়া-কৰ্মচাৰীসকলৰ ক্ষেত্ৰত লোৱা পদক্ষেপত তেওঁলোকে আশাৰ ৰেঙনি দেখিবলৈ পাইছে। যোগানকাৰীসকলৰ ক্ষেত্ৰতো একেই ব্যৱস্থা গ্ৰহণ কৰি অনাদায় হৈ থকা ধন আদায়ৰ বাবে পৰৱৰ্তী পৰ্যায়ত পদক্ষেপ গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে।

কাগজ কলৰ যোগনিয়াৰ ঠিকাদাৰসকলৰ পৰা জানিব পৰামতে তেওঁলোকৰ লগতে পৰিয়ালৰ লোকসকলেও বর্তমান বহু সমস্যা আৰু অভাৱ-অভিযোগৰ মাজত দিন পাৰ কৰিবলগীয়া হৈছে। বৃহৎ যোগনিয়াৰসকলৰ লগতে কাৰ্বি আংলং জিলাৰ পৰা বাঁহ যোগান ধৰা সৰু সৰু যোগনিয়াৰসকলেও বিশ-পঁচিশ লাখকৈ টকা কাগজ কলৰ পৰা পাবলৈ থাকি গ'ল। ফলত এতিয়া তেওঁলোকে অভাৱৰ মাজত দিন কটাবলগীয়া হৈছে। বহু যোগানকাৰীয়ে ধনৰ অভাৱত যান-বাহন বিক্ৰী কৰিবলগীয়া হৈছে।

আনহাতে বেংকৰ ঋণ পৰিশোধ কৰিব নোৱাৰি আদালতলৈ দৌৰিবলগা অৱস্থাৰ সৃষ্টি হৈছে। এনে সময়ত মুখ্যমন্ত্ৰীগৰাকীক এই যোগানকাৰীসকলৰ সমস্যাটোও মানৱীয়তাৰ দৃষ্টিকোণৰ পৰা সমাধান কৰি যোগানকাৰী তথা তেওঁলোকৰ পৰিয়ালৰ লোকক সকাহ দিবৰ বাবে নগাঁও কাগজ কলৰ ঠিকাদাৰ যোগানকাৰী সংস্থাই আহ্বান জনাইছে।

উল্লেখ কৰিব পাৰি যে মিল দুটাৰ কঠিন সময়তো এইসকল যোগানকাৰী ঠিকাদাৰেই কেঁচা সামগ্ৰী যোগান ধৰি আহিছিল। তেওঁলোকে উদ্যোগ দুটা চলি থাকিব বুলি ভাবিয়েই কোটি কোটি টকা বিনিয়োগ কৰিছিল যদিও হঠাৎ উদ্যোগ দুটা বন্ধ হৈ যোৱাত ভবিষ্যৎ অন্ধকারাচ্ছন্ন হৈ পৰিল। প্রাপ্য ধন আদায়ৰ ক্ষেত্ৰত পদক্ষেপ ল'বৰ বাবে স্থানীয় বিধায়ক তথা জলসম্পদ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাক কাতৰ অনুৰোধ জনাইছে যোগানকাৰীসকলে।

নগাঁও-কাছাৰ কাগজ কলঃ বাঁহ-কাঠ-কয়লা যোগানকাৰীক আদায় দিয়া নাই ৪৪০ কোটি টকা
যৌন নিৰ্যাতনঃ ভিডিঅ' চাই ঘৰতে সন্তান প্ৰসৱ কৰিলে কিশোৰীয়ে,কৰিলে হত্যা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in