/asomiyapratidin/media/media_files/2025/06/24/nagaon-24-2025-06-24-18-23-42.jpg)
ডিজিটেল সংবাদ,নগাঁও: নগাঁও জিলা প্ৰশাসনৰ এক সিদ্ধান্ত আৰু নির্দেশ অনুসৰি, জিলাখনৰ ছাত্র-ছাত্রীসকলৰ সুবিধা আৰু সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি, নতুনকৈ স্থানান্তৰিত হোৱা বৰঘাট বাছ ষ্টেণ্ডতে মেজিক গাড়ীসমূহ সীমাবদ্ধ কৰা হৈছিল আৰু নগাঁও চহৰৰ ভিতৰলৈ মেজিক গাড়ীসমূহৰ প্ৰৱেশ সম্পূৰ্ণভাৱে নিষিদ্ধ কৰা হৈছিল ।
জিলা প্ৰশাসনৰ এক নিৰ্দেশনা অনুসৰি নগাঁৱৰ পৰা বাহিৰ অঞ্চললৈ তথা বাহিৰ অঞ্চলৰ পৰা নগাঁৱলৈ চলা-চলৰ বাবে নিয়োজিত মেজিক গাড়ীসমূহৰ সেৱা এতিয়া পুনৰ পর্যায়ক্রমে আৰম্ভ কৰাৰ ব্যৱস্থা গ্রহণ কৰা হৈছে । বর্তমান পৰিস্থিতিত ছাত্র-ছাত্রীসকলে সম্মুখীন হোৱা অসুবিধাৰ কথা বিবেচনা কৰি, উপযুক্ত সতর্কতা আৰু সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰি পৰ্যাপ্ত পৰিমাণে নিষেধাজ্ঞা শিখিল কৰি সেৱাসমূহ পুনৰ সচল কৰা হৈছে।
নগাঁও জিলা প্ৰশাসনে, সকলো অভিভাৱক, ছাত্র-ছাত্রী তথা সম্বন্ধীয় সকলক এই বিষয়ে অৱগত থাকিবলৈ আৰু সহযোগিতাৰে এই ক্ষেত্ৰত অংশ গ্রহণ কৰিবলৈ আহ্বান জনাইছে ।