/asomiyapratidin/media/media_files/2024/12/16/DHJJIrvBhqZLF1SkNaS6.jpg)
ডিজিটেল সংবাদ,নগাঁও: নগাঁৱৰ নেহৰুবালিৰ কলঙৰ বাকৰিত ১৭ ডিচেম্বৰৰ পৰা নগাঁও গ্ৰন্থমেলা- ২০২৪। কিৰণ শংকৰ, ননী গোহাঁই বৰুৱা, কৃষ্ণকান্ত হাজৰিকা শ্ৰদ্ধাৰ্ঘ ক্ষেত্ৰত ২৫ ডিচেম্বৰলৈকে চলিব এই গ্ৰন্থমেলাখনি ।
১৭ ডিচেম্বৰৰ পুৱা ৯-৩০ বজাত গ্ৰন্থমেলা উদযাপন সমিতিৰ সভাপতি, বিধায়ক ৰূপক শৰ্মাই পতাকা উত্তোলন কৰাৰ লগে লগে গ্ৰন্থমেলাৰ কাৰ্যসূচীৰ পাতনি মেলা হ'ব। দিনৰ ১ বজাত উদ্বোধনী অনুষ্ঠান।
উদ্বোধক হিচাপে উপস্থিত থাকিব বিশিষ্ট সাহিত্যিক অৰূপ কুমাৰ দত্ত। উদ্বোধনী সভাত অসম সাহিত্য সভাৰ সভাপতি সূৰ্যকান্ত হাজৰিকা মুখ্য অতিথি হিচাপে, বিশিষ্ট অতিথি হিচাপে আবকাৰী, পৰিবহণ আদি বিভাগৰ মন্ত্ৰী কেশব মহন্ত উপস্থিত থাকিব।
ইয়াৰ বাহিৰেও সাংসদ প্ৰদ্যুৎ বৰদলৈ,মুখ্য তথ্য আয়ুক্ত ভাস্কৰ জ্যোতি মহন্ত, ড০ নৰেন কলিতা, ড০ তিলক চন্দ্ৰ মজুমদাৰ, উপেন্দ্ৰ বৰকটকী, আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা উপস্থিত থাকিব। সন্ধ্যা ৫ বজাত বিশিষ্ট সাহিত্যিক অৰূপ কুমাৰ দত্তৰ সৈতে মুকলি মুখামুখি অনুষ্ঠান অনুষ্ঠিত হ'ব।
১৮ ডিচেম্বৰৰ পুৱা ১০ বজাত ৰনাংগন প্ৰকাশনৰ উদ্যোগত কবি সন্মিলন, ২ বজাৰ পৰা সুৰৰ পানচৈ শিল্পী সমাজৰ অনুষ্ঠান, সন্ধ্যা ৬ বজাত মুকলি কুইজ আৰু ৬-৩০ বজাৰ পৰা পুলকানন্দ কৌশিক সোঁৱৰণী নাট্যসন্ধ্যা অনুষ্ঠিত হ'ব। বিজিত নাথৰ ৰচনা আৰু পৰিচালনাৰ শিশুনাট “ ছাঁ “ মঞ্চস্হ কৰা হ'ব নাট্য সন্ধ্যাটিত ।
১৯ ডিচেম্বৰৰ পুৱা ১০ বজাত মহেশ শৰ্মা বৰঠাকুৰ সোৱঁৰণী সদৌ অসম ভিত্তিত প্ৰাইজমানী মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ২ বজাৰ পৰা পান্হতৰু সংৰক্ষনী অসমৰ পৰিৱেশ সজাগতামূলক আলোচনা চক্ৰ অনুষ্ঠিত হ'ব । সন্ধ্য ৬-৩০ বজাৰ পৰা শিল্পী আতিকুৰ ৰহমান সোৱঁৰণী সাংস্কৃতিক সন্ধ্যা অনুষ্ঠিত হ'ব।
২০ ডিচেম্বৰত পুৱা ১০ বজাত লেখিকা সমাৰোহ সমিতিৰ অনুষ্ঠান, ২ বজাত মুকলি কবি মেল, ৬ বজাত মুকলি কুইজ আৰু ৬-৩০ বজাৰ পৰা শিল্পী নন্দ বেনাৰ্জী সোঁৱৰণী সাংস্কৃতিক সন্ধ্যা অনুষ্ঠিত হ'ব। ২১ ডিচেম্বৰত “সাহিত্য তত্ব আৰু উত্তৰ মানৱতাবাদ “ শীৰ্ষক আলোচনা চক্ৰত মুখ্য আলোচক হিচাপে উপস্থিত থাকিব ড০ বিভাষ চৌধুৰী, ড০ দেৱভূষণ বৰা ।
সন্ধ্যা মুকলি কুইজৰ পিছতে বীৰেন্দ্ৰ নাথ দত্ত সোঁৱৰণী সাংস্কৃতিক সন্ধ্যা অনুষ্ঠিত হ'ব। ২২ডিচেম্বৰত শিশুৰ দিনৰ কাৰ্যসূচী উদ্বোধন কৰিব সাহিত্য অকাডেমী বঁটাপ্ৰাপ্ত বিশিষ্ট সাংবাদিক, সাহিত্য সমালোচক দিগন্ত ওজাই। বিয়লি ৩-৩০ বজাৰ পৰা লেখক, গীতিকাৰ ইদ্ৰিছ আলিৰ সৈতে মুখামুখি অনুষ্ঠান ।
২৩ ডিচেম্বৰত বিয়লি ২ বজাত শতবৰ্ষ শ্ৰদ্ধাৰ্ঘ নিবেদন বক্তৃতা অনুষ্ঠান। ''মহিম বৰা- স্ৰষ্টা আৰু সৃষ্টি'' শীৰ্ষক বক্তৃতা আগবঢ়াব আলোচক প্ৰভাত বৰাই। মানবতাবাদৰ দৃষ্টিকোণেৰে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ উপন্যাসৰ ওপৰত ড০ আনন্দ বৰমুদৈয়ে, আধুনিক অসমৰ ইতিহাস অধ্যয়ন আৰু ড০ অমলেন্দু গুহ শীৰ্ষক বিষয়ত ড০ পৰমানন্দ মজুমদাৰে আলোচনা আগবঢ়াব ।
২৪ ডিচেম্বৰৰ পুৱা ১০ বজাত নগাঁও সাহিত্য সভাৰ অনুষ্ঠান। বিয়লি ২-৩০ বজাৰ পৰা নগঞা নিৰ্বাচিত লেখকৰ নেপথ্যৰ কথা শীৰ্ষক মুখামুখি অনুষ্ঠানত অংশ গ্ৰহণ কৰিব ডাঃ অপূৰ্ব শইকীয়া, ডাঃ প্ৰয়াগ শইকীয়া, প্ৰদীপ শইকীয়া, মনিকুন্তলা ভট্টাচাৰ্য, অনামিকা বৰা, অৰিন্দম বৰকটকী, অঞ্জলী মহন্তই। সন্ধ্যা মুকলি কুইজৰ পিছতে দশৰথ দাস সোঁৱৰণী সাংস্কৃতিক সন্ধ্যা অনুষ্ঠিত হ'ব।