উৰিয়াগাঁও-ডিমৌ সংযোগী বাইপাছত দুৰ্ঘটনাঃ নিহত এজন

কিশলয় সংগীত মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বিনোদ দাস নিহত

author-image
Asomiya Pratidin
New Update
উৰিয়াগাঁও-ডিমৌ সংযোগী বাইপাছত দুৰ্ঘটনাঃ নিহত এজন

ডিজিটেল সংবাদ,নগাঁওঃ মঙলবাৰে নগাঁৱৰ উৰিয়াগাঁও-ডিমৌ সংযোগী বাইপাছত পুৱা এক পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত এজন মটৰ চাইকেল আৰোহীৰ মৃত্যু হয়। নিহত লোকজন নগাঁৱৰ মৰিকলং ধেপাজান নিবাসী বিনোদ দাস। বাইপাচ পথত থকা পেট্ৰ'ল ডিপোত মটৰ চাইকেলত তেল ভৰাই ঘৰলৈ উভতি আহোতে অচিনাক্ত বাহনে লোকজনৰ এ এছ ০২ টি ১৫৮০ নম্বৰৰ বাইকখন মহতিয়াই থৈ যায়। দুৰ্ঘটনাৰ ফলত বিনোদ দাস থিতাতে নিহত হয়।

Advertisment

ঘটনাটো পুৱা ৯ মান বজাত সংঘটিত হয় যদিও প্ৰায় ১১ মান বজাতহে স্থানীয় লোকে প্ৰত্যক্ষ কৰি বৰঘাট আৰক্ষী পহৰা চকীত খবৰ দিয়ে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ নিহত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

নিহত বিনোদ দাস নগাঁও চহৰৰ মহেন্দ্ৰ বৰুৱা প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতি সভাপতি আৰু কিশালয় সাংস্কৃতিক গোষ্ঠীৰ ভূপেন হাজৰিকা কিশলয় সংগীত মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। বিভিন্ন সামাজিক অনুষ্ঠানক নেতৃত্ব প্ৰদান কৰা দাস স্থানীয় নামঘৰ পৰিচালনা সমিতিৰ সভাপতি আছিল। কিশলয় সাংস্কৃতিক গোষ্ঠীয়ে বিনোদ দাসৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে।

nagaon Binod das died in accident nagaon accident uriyagaon news