নগাঁও জিলা আই কনকলতা মহিলা তীৰ্থৰ কাৰ্যনিৰ্বাহক সভা...

সদৌ অসম সত্ৰ মহাসভাৰ ভগ্নী সংগঠন "আই কনকলতা মহিলা তীৰ্থ"ৰ নগাঁও জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভা দেওবাৰে নগাঁও আমোলাপট্টিস্থিত চন্দ্ৰজ্যোতি সংঘৰ কাৰ্যালয়ত অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
নগাঁও জিলা আই কনকলতা মহিলা তীৰ্থৰ কাৰ্যনিৰ্বাহক সভা...

ডিজিটেল সংবাদ, বেবেজীয়া : সদৌ অসম সত্ৰ মহাসভাৰ ভগ্নী সংগঠন "আই কনকলতা মহিলা তীৰ্থ"ৰ নগাঁও জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভা দেওবাৰে নগাঁও আমোলাপট্টিস্থিত চন্দ্ৰজ্যোতি সংঘৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। নগাঁও জিলা আই কনকলতা মহিলা তীৰ্থৰ সভানেত্ৰী তথা সুলেখিকা অমিয়া গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাত কেইবাগৰাকী বক্তাই মহাপুৰুষ জনাৰ নাতি আই কনকলতাৰ আদৰ্শেৰে কৰ্মক্ষেত্ৰত আগবাঢ়ি যোৱাৰ সংকল্প গ্ৰহণ কৰে ।

Advertisment

সদৌ অসম সত্ৰ মহাসভাৰ সাংগঠনিক ভেটি অধিক সবল কৰি তোলাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে মহিলা সৱলীকৰণৰ ক্ষেত্ৰতো পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। নগাঁও জিলা আই কনকলতা মহিলা তীৰ্থৰ সম্পাদিকা দেৱযানী পাঠক শৰ্মাই আঁত ধৰা সভাত দিপালী গোস্বামীয়ে বৰগীত, মঙ্গলাচৰণেৰে সভাখন জীপাল কৰি তোলে।

উপদেষ্টা গুনদা গোস্বামী আৰু উপাসভাপতি বিভা মহন্তই স্বৰচিত কবিতা পাঠ কৰাৰ উপৰিও অনুষ্ঠানৰ সাংগঠনিক দিশত সকলো দিশ সামৰি সাৱলীলভাৱে বক্তৃতা প্ৰদান কৰে। অনুষ্ঠানটিত বৰ্নালী গোস্বামী, কাকলি গোস্বামীয়ে বৰগীত পৰিবেশন কৰে। কল্পনা হাজৰিকাই গীত গাই সকলোকে আপ্লুত কৰে। সভাত উপসভাপতি ইন্দিৰা গোস্বামী ভট্টাচাৰ্য্য দীপা পণ্ডিত, ৰিনী কাকতি, ছায়া দেৱী স্মৃতা কলিতা, দেৱযানী দেৱী, প্ৰীতি চৌধুৰী, দেৱযানী পাঠক শৰ্মা, বৰ্নালী গোস্বামীয়ে কবিতা পাঠ কৰে।

সভাত স্মৃতা কলিতাই আৰ্থিক দিশত সকলো বিষয় পুংখানুপুংখ ভাৱে দাঙি ধৰে। সভাত কবি দীপা পণ্ডিতক ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভূক্ত কৰাৰ বাবে সকলোৱে অভিনন্দন জনায়। সভাপতি অমিয়া গোস্বামীয়ে সামৰণী ভাষণত সকলো সদস্যাৰে সৰ্বসন্মতিক্ৰমে সদস্যৰ বছেৰেকীয়া বৰঙণি ধাৰ্য কৰাৰ উপৰিও সভাখনৰ বৈঠক দ্বিমাষিক কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Also Read: অসম নাট্য সন্মিলনৰ বিশেষ আহ্বান...

bebejiya