নগাঁৱৰ বিশিষ্ট সমাজ সেৱক বল্লদেৱ শৰ্মাৰ দেহাৱসান...

নগাঁৱৰ বিশিষ্ট সমাজ সেৱক বলদেৱ শৰ্মাৰ দেহাৱসান...

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ বিশিষ্ট সমাজ সেৱক বল্লদেৱ শৰ্মাৰ দেহাৱসান...

ডিজিটেল সংবাদ,নগাঁওঃ নগাঁৱৰ বিশিষ্ট সমাজ কৰ্মী, সদৌ অসম পুথিভঁৰাল সন্থাৰ সভাপতি তথা নগাঁও শ্ৰীমন্ত শংকৰ মিশ্যন পৰিচালনা সমিতিৰ সম্পাদক, সাপ্তাহিক কলংপাৰ কাকতৰ পৰিচালন সঞ্চালক বল্লদেৱ শৰ্মাৰ আজি দুপৰীয়া উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।

Advertisment

বিগত বৰ্ষত তেওঁৰ পত্নীৰো মৃত্যু ঘটে। কেইদিন আগৰে পৰা অসুস্থ হৈ থকা শৰ্মাক ২অক্টোবৰৰ বিয়লি জি এছ নাৰ্চিংত ভৰ্তি কৰে। স্বাস্থ্য অধিক অৱনতি হোৱাত শৰ্মাক হেল্থচিটিটো চিকিৎসা কৰোৱা হৈছিল যদিও সংকটজনক অৱস্থাত তেওঁক জিএমচিএইচ লৈ স্থানান্তৰিত কৰোৱা হয়। কিন্তু অৱশেষত জীৱন যুদ্ধত হাৰ মানি আজি দুপৰীয়া প্ৰায় ২'৫০ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

উল্লেখ্য যে, ১৯৬২ চনৰ ১ ফেব্ৰুৱাৰীত ঘাঁহী মাজগাঁৱত জন্মগ্ৰহণ কৰা বল্লদেৱ শৰ্মা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল। ১৯৭৭ চনত নিজৰ ওপজা গাঁৱত বৰসত্ৰ পুথিভঁৰাল নামকৰণেৰে এটা পুথিভঁৰাল স্থাপন কৰি পিছত তেওঁৰ প্ৰচেষ্টাতে পুথিভঁৰালটো চৰকাৰী পঞ্জীয়নভুক্ত হয়।

বল্লদেৱ শৰ্মা নগাঁও জিলা পুথিভঁৰাল সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল আৰু পিছত 'সদৌ অসম গ্রাম্য পুথিভঁৰাল সন্থা' গঠনৰ লগতে প্ৰতিষ্ঠাপক সম্পাদকৰ দায়িত্ব গ্ৰহণেই নহয় বৰ্তমানলৈকে দায়িত্বভাৰ বহন কৰি পুথিভঁৰাল আন্দোলনটোক আগুৱাই নিছিল।

লগতে বহুমুখী সমাজ সেৱাতো ব্ৰতী হৈছিল শৰ্মা। নগাঁও মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা শৰ্মাই ১৯৮২ চনত অসম চৰকাৰৰ প্রাপ্তবয়স্ক শিক্ষা বিভাগৰ অধীনত প্ৰথমে কিছু দিন কাম কৰাৰ পিছত আবকাৰী বিভাগৰ ৰাজ্যিক মাদক দ্ৰব্য নিবাৰণী পৰিষদৰ সহঃ সংগঠক হিচাপে কাম কৰে।

১৯৯৪ চনত নগাঁও চহৰৰ শংকৰ নগৰৰ তেলীয়াপট্টিত স্থায়ী ভাবে থাকিবলৈ লয়। তেওঁ একালত কেইবাখনো আলোচনী সম্পাদনা কৰাৰ উপৰি 'অভিনন্দন' নামৰ এখন অধুনালুপ্ত পষেকীয়া আলোচনী প্ৰকাশ কৰি উলিয়াইছিল।  বল্লদেৱ শৰ্মা শ্ৰীমন্ত শংকৰ মিশ্যনৰ অধীনস্থ বঢ়মপুৰস্থিত দৃষ্টিহীন বিদ্যালয়ৰ পৰিচালনা উপ সমিতিৰ সম্পাদক আছিল।

তেওঁৰ প্ৰকাশিত এখন গ্ৰন্থৰ নাম 'অৰ্দ্ধ শতিকাৰ খোজ'। তেওঁ ঘাঁহী আঞ্চলিক সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক, শংকৰজ্যোতি শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপেও দায়িত্বভাৰ বহন কৰিছিল। তেওঁ একালত নগাঁৱৰ পৰা প্ৰকাশিত 'গণতন্ত্ৰ' কাকত আৰু 'গণ বাতৰি' কাকতৰ জৰিয়তে সংবাদ সেৱা আগবঢ়াইছিল। ২০১৯ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা তেওঁ 'কলংপাৰ' কাকতৰ পৰিচালন সঞ্চালক হিচাপে দায়িত্বভাৰ বহন কৰি আহিছে।

এইগৰাকী বহুমুখী প্ৰতিভা সম্পন্ন ব্যক্তিক ইতিমধ্যে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ তৰফৰ পৰা 'সাহিত্য সেৱক', 'কৰ্মমিত্ৰ', 'অসম সৌৰভ', 'Distinguished Educator' আদি উপাধিৰে বিভূষিত কৰাৰ উপৰি NE Time24ৰ তৰফৰ পৰা 'জীৱনজোৰা সাধনা বঁটা' প্ৰদান কৰিছিল।

উল্লেখ্যযোগ্য যে, শ্ৰীমন্ত শংকৰ মিশ্যন,বঢ়মপুৰ দৃষ্টিহীন বিদ্যালয়কে ধৰি বিভিন্ন অনুষ্ঠানে অন্তিম দৰ্শন তথা শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা পাছত কাইলৈ দুপৰীয়া বল্লদেৱ শৰ্মাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব।

nagaon baladev sarma