নগাঁও জিলা সাহিত্য সভাৰ ডিজিটেল আৰ্কাইভৰ শুভ উদ্বোধন...

নগাঁও জিলা সাহিত্য সভাৰ ডিজিটেল আৰ্কাইভৰ শুভ উদ্বোধন...

author-image
Asomiya Pratidin
New Update
নগাঁও জিলা সাহিত্য সভাৰ ডিজিটেল আৰ্কাইভৰ শুভ উদ্বোধন...

ডিজিটোল সংবাদ, নগাঁওঃ "ইতিহাসক পুনৰুজ্জীৱিত কৰাৰ বাবে আজিৰ প্ৰযুক্তিবিদ্যাই বিভিন্ন মাধ্যমৰ জৰিয়তে সুৰক্ষিত কৰিছে। নগাঁও জিলা সাহিত্য সভাই কেৱল নগাঁৱৰে নহয় অসমৰ ইতিহাস সন্নিৱিষ্ট কৰিব পৰাকৈ ডিজিটেল আৰ্কাইভৰ দৰে এক গুৰুত্বপূৰ্ণ অভিলেখাগাৰ স্থাপন কৰাটো সকলোৰে বাবে গৌৰৱৰ বিষয়।" এই মন্তব্য অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী ডঃ সূৰ্যকান্ত হাজৰিকাৰ।

Advertisment

নগাঁও জিলা সাহিত্য সভাই মূল কাৰ্যালয়ত অংকীয় অভিলেখাগাৰ (ডিজিটেল আর্কাইভ) স্থাপনৰ শুভ উদ্বোধন কৰে। অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে মন্তব্য প্ৰকাশ কৰি কয় যে -অসম সাহিত্য সভাৰ সকলো নথি-পত্ৰ সন্নিৱিষ্ট কৰিবৰ বাবে আমি সভাপতিৰ অভিভাষণতে উল্লেখ কৰিছিলো যদিও নগাঁও জিলা সাহিত্য সভাই ইয়াক সাকাৰ ৰূপ দিয়াটো অসমৰ বাবেই শুভ লক্ষণ।

নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত চন্দ্ৰ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত এই উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকি অসম সাহিত্য সভাৰ উপ-সভাপতি ডাঃ গিৰীশ সন্দিকৈয়ে এই আৰ্কাইভটোৰ পৰিসৰ গোটেই পৃথিৱী হ'ব যদিও আমি অসম সাহিত্য সভাৰ সকলো নথি-পত্ৰ এই আৰ্কাইভৰ জৰিয়তে সন্নিৱিষ্ট কৰিব পৰাকৈ আমি নগাঁও জিলা সাহিত্য সভাকে প্ৰাধান্য দিয়াৰ পোষকতা কৰি কৰ্ণধাৰ সমিতিত বিষয়টো উত্থাপন কৰিব বুলি উল্লেখ কৰে।

নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকাই আঁ‌ত ধৰা সভাখনত নগাঁও লোকসভাৰ দ্বিতীয় কাৰ্যকালৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ উপস্থিত থাকে। তেওঁ ভাষণত কয় যে- নগাঁও জিলাৰ এক ঐতিহ্য আছে। এই জিলাতেই অসমৰ প্ৰায় প্ৰতিটো কামৰে প্ৰথমেই শুভাৰম্ভ হৈছিল। আজিও ই ব্যতিক্ৰম নহ'ল। নগাঁও জিলাই যি কাম কৰে সেয়া অসমৰ প্ৰতিজন ব্যক্তিয়ে চাই থাকে। আজিৰ প্ৰযুক্তিবিদ্যাৰ লগত খাপ খোৱাকৈ এই কাৰ্যসূচী অতিশয় গুৰুত্বপূৰ্ণ আৰু নৱপ্ৰজন্ম ইয়াৰ পৰা লাভাম্বাৱিত হ'ব।

এই সভাতে বিশিষ্ট লেখিকা তথা অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিকৰ সাংগঠনিক সম্পাদক বিনু লস্কৰ ঠাকুৰীয়াৰ সম্পাদনাত প্ৰকাশিত "বিষয় : নাৰী"শীৰ্ষক গ্ৰন্থখন অসম সাহিত্য সভাৰ সভাপতি ডঃ সূৰ্য্যকান্ত হাজৰিকাই উন্মোচন কৰে।

উল্লেখ্য যে এই ডিজিটেল আৰ্কাইভ উদ্বোধনী অনুষ্ঠানত অসম সাহিত্য সভা সংবাদ সম্পাদক গৌতম গগৈ, নগাঁও মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ডঃ শৰৎ বৰকটকী, গল্পকাৰ শিৱানন্দ কাকতী, বিশিষ্ট সাংবাদিক গুৰমাইল সিং, ডিমৰীয়া কলেজৰ অধ্যাপক মোহিনী মোহন ডেকা, অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা, জিলা প্ৰতিনিধি তথা নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰাণ কুমাৰ বৰুৱা উপস্থিত থাকে।

ইয়াৰোপৰি এই সভাত নগাঁও অঞ্চলিকৰ সম্পাদক প্ৰতাপ হাজৰিকা, প্ৰাক্তন সম্পাদক মৃণাল কুমাৰ হাজৰিকা, প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক আবুল খয়াৰ আহমেদ, ভৱেশ মেধি, নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰতিমোহন নাথ, নিত্যানন্দ বৰা, জিলাৰ বৰ্তমানৰ উপ-সভাপতি উপেন চন্দ্ৰ বৰা, নগাঁও জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য মিণ্টু দাস, মৃগাংক বৰা, ৰাজীৱ কুমাৰ হাজৰিকা, নীলোৎপল চাংমাই, ত্ৰিদিৱ লস্কৰ, ডঃ বসন্ত বৰা, প্ৰদীপ কুমাৰ শইকীয়া, প্ৰিয়ংকু শৰ্মা প্ৰমুখ্যে জিলা আৰু শাখাসমূহৰ কেইবাগৰাকী বিষয় ববীয়া উপস্থিত থাকে।

উল্লেখ যে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সাংসদ পুঁজিৰেএই আৰ্কাইভ স্থাপন কৰা হৈছে। ডিজিটেল আৰ্কাইভৰ সামগ্ৰিক কামখিনি এই পৰ্যায়ত উপনীত হোৱাৰ বাবে সাংসদ প্ৰদ্যুৎ বৰদলৈকো নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত চন্দ্ৰ মহন্তই কৃতজ্ঞতা জ্ঞাপন কৰে।

Also Read: গম্ভীৰেই হ'ব টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষকঃ সলনি হ'ব ক্ৰিকেটাৰ, চাপ'ৰ্টিং ষ্টাফো...

AASAM SAHITYA SABHA