/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/10cbbeac-8f9f-43df-af5e-8f12350552fa/Blur.jpg)
ডিজিটেল সংবাদ, নগাঁও: নগাঁৱত চাঞ্চল্যকৰ ঘটনা ৷ অচেতন অৱস্থাত উদ্ধাৰ আশা কৰ্মী ৷ ৰাজপথত সংজ্ঞাহীন অৱস্থাত উদ্ধাৰ কৰা হৈছে এগৰাকী আশা কৰ্মীক।
উদ্ধাৰ হোৱা আশা কৰ্মী গৰাকী হৈছে মিনা দত্ত ৷ কলিয়াবৰৰ হাতীবন্ধাত ঘৰ মিনা দত্তৰ। ৰোগী লৈ শুকুৰবাৰে নগাঁৱলৈ আহিছিল আশা কৰ্মী গৰাকী ৷ ইয়াৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল মহিলা গৰাকী ৷
শনিবাৰে হয়বৰগাঁও আৰক্ষীয়ে আশাকৰ্মী গৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্ত্তি কৰায় ৷ সম্প্ৰতি নগাঁও চহৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আশা কৰ্মীগৰাকী ৷
উল্লেখ্য যে, মহিলা গৰাকীৰ সোণৰ আ-অলংকাৰ আৰু নগদ ধনো লুটি নিয়ে দুৰ্বৃত্তই৷ নিচাজাতীয় দ্ৰব্য খুৱাই লুটি নিয়াৰ সন্দেহ আৰক্ষীৰ ৷ শাৰিৰীক ভাৱে আক্ৰমন কৰাৰ চিন আছে স্পষ্ট দেহত ৷ বৰ্তমানলৈকে সংজ্ঞা ঘূৰাই পোৱা নাই আশা কৰ্মী গৰাকীয়ে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷
Also Read: চৰকাৰী বিদ্যালয়লৈ শিক্ষাৰ্থীৰ সোঁত...