/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/13e08585-3330-46ea-a99b-3c58fd94720c/Nagaon_Accident.jpg)
ডিজিটেল সংবাদ,নগাঁও : নগাঁৱৰ চকৰিগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ ঘটনাত থিতাতে নিহত হয় তিনি স্কুটী আৰোহী ৷ একেখন স্কুটীতে আহিছিল তিনিজনকৈ যুৱক ৷ ট্ৰাকত খুন্দা মৰাৰ ফলতেই এই শোকাৱহ ঘটনাটো সংঘটিত হয় ৷
আনহাতে ঘটনাক লৈ উক্ত স্থানত নিশা উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ৷ ঘটনাস্থলীত আৰক্ষীৰ বাহনত আক্ৰমণ কৰে একাংশ উত্তেজিত লোকে ৷ যানবাহন নিয়ন্ত্ৰণ শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰবীন ফুকন আহত হয় উত্তেজিত লোকৰ আক্ৰমণত ৷
উল্লেখ্য যে, এ এচ ০২ ইউ ৬৭৩০ নম্বৰৰ স্কুটীখনে খুন্দা মাৰে এ এচ ০১ এম চি ০৭৮৭ নম্বৰৰ ট্ৰাকখনক ৷ ঘটনাত নিহত যুৱক কেইজন ক্ৰমে বিক্ৰম দাস, মাধুৰ্য দাস আৰু পংকজ দাস ৷ তিনিওৰে ঘৰ নগাঁৱৰ ডিমৰুগুৰিত ৷
Also Read: হেঁপাহৰ ৰঙালীৰ প্ৰস্তুতিত ৰঙীন হৈ পৰিছে বটদ্ৰৱাৰ গাভৰু....