নগাঁও চৰকাৰী আৰৱান হাইস্কুলত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ মিলন সমাৰোহ আয়োজন

নগাঁও চৰকাৰী আৰৱান হাইস্কুলত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ মিলন সমাৰোহ আয়োজন

author-image
Asomiya Pratidin
New Update
 নগাঁও চৰকাৰী আৰৱান হাইস্কুলত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ মিলন সমাৰোহ আয়োজন

ডিজিটেল সংবাদ , নগাঁওঃ নগাঁও জিলাৰ এখনি অগ্ৰনী শিক্ষানুষ্ঠান চৰকাৰী আৰৱান বেছিক স্কুল আৰু আৰৱান হাইস্কুল। শিক্ষাৰ পোহৰ বিয়পায়,প্ৰকৃত মানৱ সম্পদ গঢ় দিয়াৰ লক্ষ্যৰে ১৯৫৫ চনতে কেইবাগৰাকী সমাজহিতৈষী, শিক্ষাব্ৰতী তথা মহান মনিষীৰ ঐকান্তিক প্ৰচেষ্টাৰ ফলত নগাঁও চহৰৰ মহাত্মা গান্ধী পথত, ঐতিহাসিক মাৰাৰ পাৰ্কৰ ঠিক সন্মুখতে এক উন্নত শৈক্ষিক পৰিৱেশ গঢ় দিয়াৰ মানসেৰে প্ৰতিষ্ঠা লাভ কৰিছিল নগাঁও চৰকাৰী আৰৱান বেছিক স্কুল ৷

Advertisment

পাছলৈ বিদ্যালয়ৰ একেটা পৰিসীমাৰ মাজতে চৰকাৰী আৰৱান বেছিক স্কুল আৰু ১৯৮২ চনত প্ৰতিষ্ঠা লাভ কৰা চৰকাৰী আৰৱান হাইস্কুল একলগ হৈ ২০১৭চনত চৰকাৰী নিতী অনুসৰি নগাঁও চৰকাৰী আৰৱান হাইস্কুল ৰূপে প্ৰতিষ্ঠা লাভ কৰে । ১৯৫৫ চন আৰু ১৯৮২ চনৰ পৰা এই দুয়োখন বিদ্যালয়তে সুখ্যাতিৰে হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰি বৰ্তমান নগাঁও জিলাৰ উপৰি ৰাজ্যখনৰ ইমুৰৰ পৰা সিমুৰলৈ সিচৰিত হৈ আছে একাংশ।

নিজ দেশৰ লগতে সাত সাগৰ তেৰ নদীৰ ইপাৰে বিদেশৰ চুকে কুনে বিভিন্ন কৰ্মক্ষেত্ৰত জড়িত থাকি নিজকে এজন প্ৰকৃত মানৱ হিছাপে গঢ়ি তুলিবলৈ সক্ষম হোবা সেইসকল তাহানিৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলক একগোট কৰি আয়োজন কৰিবলৈ লোৱা হৈছে এখনি মিলন সমাৰোহ । সেই উদ্দেশ্যে শুকুৰবাৰে বিদ্যালয়ৰ প্ৰাংগনত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ লগতে বৰ্তমানৰ শিক্ষাগুৰু সকলৰ উপস্থিতিত এখনি সাধাৰণ সভা সম্পন্ন হয় ৷

সভাখনি সঞ্চালনা কৰে বিদ্যালয় পৰিচলনা সমিতিৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত অধ্যাপক পল্লৱ গোস্বামীয়ে। পুৱাৰে পৰা বিদ্যালয়ত উপস্থিত হোবা প্ৰাক্তন ছাত্ৰছাত্ৰী সকলৰ স্মৃতি ৰোমন্থনৰে জীপাল হৈ পৰে নগাঁও চৰকাৰী আৰৱান হাইস্কুলৰ প্ৰাংগণ ৷

বিদ্যালয়ৰ নৱনিৰ্মীত প্ৰেক্ষাগৃহত পুৱা ১০:৩০বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানটি প্ৰাক্তন ছাত্ৰ নৱজ্যোতি বৰাই সামগ্ৰীক ভাৱে আতঁধৰা সভাখনিত বিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰছাত্ৰী সকলে বিদ্যালয় খনত তাহানিৰ দিনত অধ্যয়ন কৰা বিৰল মূহূৰ্ত্ব বোৰৰ স্মৃতি বন্ধুবৰ্গৰ লগত ৰোমন্থন কৰি আবেগিক হৈ পৰে ৷ সাধাৰণ সভাখনিৰ শেষত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ লগতে শতাধিক প্ৰাক্তন ছাত্ৰছাত্ৰীৰ উপস্থিতিত মিলন সমাৰোহ আয়োজনাৰ্থে ১৯৮৯বৰ্ষৰ প্ৰাক্তন ছাত্ৰ ডাঃ ৰূপক নাথক সভাপতি,প্ৰাণজিৎ দাসক উপ-সভাপতি,মোহন দাস নাইডুক কাৰ্যকৰী সভাপতি,সাধাৰণ সম্পাদকদ্বয় ক্ৰমে নৱজ্যোতি বৰা আৰু ছাব্বিৰ খান,দ্বীপেন শইকীয়া,কুণ্ডন ভৰালী,মেহবুব আলমক প্ৰচাৰ সম্পাদক হিছাপে লৈ প্ৰাক্তন ছাত্ৰছাত্ৰীৰ মিলন সমাৰোহৰ এখন শক্তিশালী আয়োজক সমিতি গঠন কৰা হয় লগতে বহুকেইটা গুৰুত্বপূৰ্ণ আলোচনাত উপনীত হয় ।

আগন্তুক ডিচেম্বৰ মাহৰ শেষলৈ নগাঁও চৰকাৰী আৰৱান হাইস্কুলৰ প্ৰাক্তন ছাত্ৰছাত্ৰীৰ মিলন সমাৰোহ খনি দুদিনীয়াকৈ আয়োজনৰ বাবে এই সাধাৰণ সভাৰ জৰিয়তে এক সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

Also Read: ২৭ সপ্তাহৰ গৰ্ভৱতী কিশোৰীৰ গৰ্ভপাতৰ অনুমতি উচ্চ ন্যায়ালয়ৰ