Advertisment

নগাঁৱৰ নৱৰূপ জাতীয় বিদ্যাপীঠৰ গুৰুজনাৰ সৃষ্টিৰাজি নৱ প্ৰজন্মক পৰিচয় কৰি দিয়াৰ প্ৰয়াস...

নগাঁৱৰ অসমীয়া মাধ্যমৰ অগ্ৰণী শিক্ষানুষ্ঠান নৱৰূপ জাতীয় বিদ্যাপীঠৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি নগাঁও জিলা পুথিভঁৰালত তিনিখন নাট প্ৰদৰ্শন কৰা হয়।

author-image
Asomiya Pratidin
New Update
nabarup 20.jpg

ডিজিটেল সংবাদ,নগাঁওঃ নগাঁৱৰ অসমীয়া মাধ্যমৰ অগ্ৰণী শিক্ষানুষ্ঠান নৱৰূপ জাতীয় বিদ্যাপীঠৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি নগাঁও জিলা পুথিভঁৰালত তিনিখন নাট প্ৰদৰ্শন কৰা হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত 'কেলিগোপাল' ,'ৰুক্মিণী হৰণ' আৰু মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত 'চোৰধৰা' নাট প্ৰদৰ্শন কৰা হয়।

Advertisment

গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰাজিক নৱ প্ৰজন্মৰ মাজত পৰিচয় কৰি দিয়াৰ প্ৰয়াস কৰিছে বিদ্যালয়খনে। লগতে মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ সৃষ্টিৰাজিকো নৱ প্ৰজন্মক পৰিচয় কৰি দিয়াৰ প্ৰয়াস কৰিছে। বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা গায়ন - বায়ন, সূত্ৰধাৰ নৃত্য পৰিবেশন কৰা হয়।

শিক্ষাৰ্থীসকলেই নাট কেইখনত অভিনয় কৰে। শিক্ষাৰ্থীসকলে সুন্দৰ আৰু নিখুঁত অভিনয় কৰি উপস্থিত দৰ্শকক মন্ত্ৰমুগ্ধ কৰি  তোলে। বিদ্যালয়ৰ কৰ্তৃপক্ষই ইয়াৰ বাবে অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা শিক্ষাৰ্থীসকলক সাজু কৰি তোলে।

আনহাতে দেওবাৰে নৱৰূপ জাতীয় বিদ্যাপীঠ আৰু সামাজিক অনুষ্ঠান পৰিধিৰ সহযোগত প্ৰযোজনা কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দুটা বৰগীতৰ ভিডিঅ' শ্ৰোতা, দৰ্শকৰ বাবে মুকলি কৰা হয়। এই বৰগীত দুটাত কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী অনিন্দিতা পালে।

এই উপলক্ষে নগাঁও সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত অনুষ্ঠানত গীত দুটাৰ ভিডিঅ' মুকলি কৰে চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয়ৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ তথা সত্ৰীয়া সংস্কৃতিৰ সাধক কৃষ্ণ গোস্বামীয়ে। নৱৰূপ জাতীয় বিদ্যাপীঠৰ শিক্ষাৰ্থীসকলৰ খোল বাদনেৰে আৰম্ভ আৰু সত্ৰীয়া নৃত্যৰে সামৰণি পৰা অনুষ্ঠানত কণ্ঠশিল্পী অনিন্দিতা পাল, বৰগীত দুটাৰ সংগীত পৰিচালক সৌৰভ মহন্ত ,গ্ৰাফিক ডিজাইনাৰ ইবছন লাল বৰুৱাই নিজৰ অনুভৱ ব্যক্ত কৰে।

অনুষ্ঠানত বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড০ কমল শইকীয়াই বিদ্যালয়খনৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে এক আভাস দাঙি ধৰে। সামগ্ৰিক ভাবে দুয়োটা অনুষ্ঠান আগবঢ়াই নিয়ে বিদ্যালয়ৰ সচিব মুনীন্দ্ৰ শইকীয়াই।

উল্লেখ যে নৱৰূপ জাতীয় বিদ্যাপীঠে ইয়াৰ পুৰ্বে গুৰু দুজনাৰ সৃষ্টিৰাজি শিক্ষাৰ্থী সকলৰ জৰিয়তে প্ৰচাৰ আৰু প্ৰসাৰৰ হকে কাম কৰি আহিছে। সপ্তাহৰ প্ৰতি শনিবাৰে বিদ্যালয়ৰ শিক্ষাৰ্থী সকলক গুৰুজনাৰ সৃষ্টিৰাজি পৰিচয় কৰি দিয়াৰ লক্ষ্যৰে গুৰুবাদ্যৰ প্ৰশিক্ষণ  দি আহিছে।

ভাওনা