/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/090dcf3f-628c-4ddc-abf8-23280d4b7dcb/WEB_THUM_new_dimpul_copy.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও চহৰস্থিত অসমীয়া মাধ্যমৰ ব্যতিক্ৰমী শিক্ষানুষ্ঠান নৱৰূপ জাতীয় বিদ্যাপীঠে সাম্প্ৰতিক সময়ৰ অসমৰ জাতীয় জীৱনৰ ৪গৰাকী বৰেণ্য অসমীয়াৰ নামেৰে নামাকৰণ কৰা নৱনিৰ্মিত ৪টা শ্ৰেণীকোঠা দেওবাৰে আনুষ্ঠানিকভাবে উন্মোচন কৰে। বিশিষ্ট শিক্ষাবিদ, প্ৰশাসক মহেন্দ্ৰ আহোম, সমালোচক, সাংবাদিক ড০ অপূৰ্ব শৰ্মা, বিশিষ্ট শিক্ষাবিদ, বুৰঞ্জীবিদ ড০ ৰাজেন শইকীয়া, বিশিষ্ট সাহিত্য সমালোচক প্ৰভাত বৰা আৰু অধ্যাপিকা লিৰা নেওগে দিনৰ ১ বজাত শ্ৰেণীকোঠা কেইটাৰ উদ্বোধন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/b216ce7f-3ed9-4933-9352-8ad137cbcd20/1737212e_bffc_49f2_a0e9_17c399ae8140.jpg)
লগতে ২০১২ চনৰে পৰা নৱৰূপ জাতীয় বিদ্যাপীঠ আৰু পৰিধিৰ উদ্যোগত "বেজবৰুৱাৰ ডেৰশ বছৰীয়া জয়ন্তী" উপলক্ষে অসমীয়া বৰণীয়া জাতি জনগোষ্ঠীৰ সমন্বয়ৰ বাৰ্তা লৈ আৰম্ভ হোৱা 'অ' মোৰ আপোনাৰ দেশ, সমন্বয় যাত্ৰা'ৰ সাংস্কৃতিক যাত্ৰাৰ স্মৃতি বিজড়িত আলোচিত সংৰক্ষণ কক্ষ দুটাও উন্মোচন কৰে। উল্লেখযোগ্য যে- নৱৰূপ জাতীয় বিদ্যাপীঠে বৰেণ্য অসমীয়া ক্ৰমে ড০ অপূৰ্ব শৰ্মা, মহেন্দ্ৰ আহোম, ড০ ৰাজেন শইকীয়া আৰু প্ৰভাত বৰা, লিৰা নেওগ বৰাৰ নামেৰে বিদ্যালয়খনৰ ৪টা কোঠা নামাকৰণ কৰি জীৱনকালতে ব্যতিক্ৰমী আৰু অৰ্থপূৰ্ণ সন্মান প্ৰদৰ্শন কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/b69d0122-116e-4b18-ad58-6f14ec4c733d/ae55ecfc_cfc9_4685_a9ef_310ea4a4cc78.jpg)
নিজৰ নামেৰে নামাকৰণ কৰা কক্ষ নিজেই উন্মোচন কৰি স্বাভাৱিকতে কিছু আৱেগিক হৈয়ো বৌদ্ধিক বিনয়ৰে নিজে এনে সন্মানৰ বাবে যোগ্য নহয় বুলি প্ৰকাশ কৰে শিক্ষাবিদ মহেন্দ্ৰ আহোমে। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড০ কমল চন্দ্ৰ শইকীয়াই আঁত ধৰা অনুষ্ঠানত ভাষণ প্ৰসঙ্গত ড০ অপূৰ্ব শৰ্মাই কয়- শিক্ষাপ্ৰতিষ্ঠানৰ পকা ঘৰ আচলতে একোয়েই নহয়, যদিহে তাৰ ভিতৰত সৃষ্টিশীল মন আৰু কৌতুহলী মগজু নাথাকে। তেওঁ লগতে নৱৰূপ জাতীয় বিদ্যাপীঠৰ শৈক্ষিক আৰু দায়বদ্ধ বৌদ্ধিক যাত্ৰাক প্ৰশংসা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/56f47984-a863-4120-a128-715ba353656e/1cde1f0d_8f85_4918_94eb_437fd1a8525e.jpg)
বুৰঞ্জীবিদ ড০ ৰাজেন শইকীয়াই কয়- আমি এটা উমৈহতীয়া উদ্দেশ্যত একত্ৰিত হৈছো, মানৱ জাতি জীয়াই আছে আশাক কেন্দ্ৰ কৰি, এই আশাই হ'ল অংগীকাৰেৰে ছাত্ৰ- ছাত্ৰীক উদ্বুদ্ধ কৰা। সাহিত্যিক-সাহিত্য সমালোচক প্ৰভাত বৰাই কয়- মোৰ জীৱনৰ সুদীৰ্ঘকালীন সম্পৰ্কৰ নগাঁৱৰ দুটা অনুষ্ঠান নৱৰূপ জাতীয় বিদ্যাপীঠ আৰু কল্লোল। যদি কেতিয়াবা নগাঁও এৰি যাব লগা হ'লেও নৱৰূপৰ লগত সম্পৰ্ক সদাই থাকিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/c80bcf6a-2e31-46dc-afa0-79761ce6fa0e/68893c54_6dbf_4c7c_bc47_b0a93a9d5299.jpg)
উল্লেখযোগ্য যে- ২০১৩ চনৰ ১৭ নবেম্বৰ তাৰিখে বেজবৰুৱাৰ ডেৰশ বছৰীয়া জয়ন্তীৰ উপলক্ষে নগাঁও চহৰৰ নেহৰুবালিত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ২৯টা ভাষাত বেজবৰুৱাৰ অমৰ সৃষ্টি 'অ' মোৰ আপোনাৰ দেশ'- জনগোটসমূহৰ দ্বাৰা পৰিৱেশন কৰা ব্যতিক্ৰমী অনুষ্ঠানত অসমৰ শিক্ষা, সাহিত্য, সংস্কৃতিসকলো ক্ষেত্ৰৰে প্ৰায় ২০০গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল। এই অনুষ্ঠান আছিল দৰাচলতে নৱৰূপ জাতীয় বিদ্যাপীঠ আৰু পৰিধিৰ উদ্যোগত ২০১২ চনৰে পৰা আৰম্ভ হোৱা সমন্বয় যাত্ৰাৰ সামৰণি অনুষ্ঠান। এই অনুষ্ঠানৰ পাছতে অসম চৰকাৰে 'অ' মোৰ আপোনাৰ দেশ' গীতটো অসমৰ জাতীয় সংগীত ৰূপে স্বীকৃতি দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/d41ab8ca-19fc-4765-a7c0-f102d9645187/555f699b_4d0c_43ef_b14c_5b3ad840e4f5.jpg)
সমন্বয় যাত্ৰা আৰু বেজবৰুৱা ডেৰশ বছৰীয়া জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ উপদেষ্টা তথা প্ৰধান পৰামৰ্শদাতা হিচাপে থকা তথা দেওবাৰৰ অনুষ্ঠানৰ ৪গৰাকী বিশিষ্ট ব্যক্তি ক্ৰমে- মহেন্দ্ৰ আহোম, ড০ ৰাজেন শইকীয়া, ড০ অপূৰ্ব শৰ্মা, প্ৰভাত বৰা আৰু লিৰা নেওগে এই সমন্বয় যাত্ৰাৰ স্মৃতি বিজড়িত আলোচিত সংৰক্ষণ কক্ষৰ দ্বাৰ উন্মোচন কৰি নিজৰ সন্তুষ্টি প্ৰকাশ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/ec9e0369-4976-4ae3-ada1-8fcacd01d63f/48c767b9_ef11_43ca_a9e2_24055a9e97da.jpg)
এই অনুষ্ঠানত অৱসৰপ্ৰাপ্ত উপায়ুক্ত চন্দ্ৰ মোহন কাকতি, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, গল্পকাৰ শিবানন্দ কাকতি, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সদানন্দ পায়েং, নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কুলেন দাস, চামগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ইন্দ্ৰজিৎ বেজবৰুৱা, সংগীতজ্ঞ কৃষ্ণদুলাল বৰুৱা, সাংবাদিক গুৰমাইল সিং, জ্যোতিৰ্ময় চক্ৰৱৰ্তী, বিশিষ্ট চিকিৎসক ডাঃ জয়ন্ত বৰুৱাকে আদি কৰি কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/b4179f21-a2fa-4af1-b213-9755f5be8d99/e66194a0_1214_4322_b3a4_40cdd7c806fe.jpg)
Also Read: চিৰাঙত বন বিভাগ-বন্যপ্রাণী অপৰাধ নিয়ন্ত্রণ ব্যুৰ’ৰ অভিযানঃ গ্রেপ্তাৰ ৩ চোৰাংচিকাৰী