পোহৰলৈ আহিব পাহৰণিৰ গৰ্ভৰ বহু তথ্যঃ নগাঁৱৰ মহাফেজ খানা সক্ৰিয় কৰাৰ প্ৰস্তুতি...

পোহৰলৈ আহিব পাহৰণিৰ গৰ্ভৰ বহু তথ্যঃ নগাঁৱৰ মহাফেজ খানা সক্ৰিয় কৰাৰ প্ৰস্তুতি...
পোহৰলৈ আহিব পাহৰণিৰ গৰ্ভৰ বহু তথ্যঃ নগাঁৱৰ মহাফেজ খানা সক্ৰিয় কৰাৰ প্ৰস্তুতি...

ডিজিটেল সংবাদ নগাঁও: ৰাজ্যৰ ভিতৰতে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা এখনি জিলা নগাঁও জিলা ৷ সামাজিক,অৰ্থনৈতিক, সাংস্কৃতিক দিশত উল্লেখ্যনীয় অৱদান আগবঢ়াই আহিছে মধ্য অসমৰ প্ৰান্ত কেন্দ্ৰ নগাঁও জিলাই ৷

আজিৰ প্ৰজন্মই কিন্তু নগাঁও জিলাৰ ইতিহাস জ্ঞাত নহয় ৷ নগাঁৱৰ ইতিহাস নৱপ্ৰজন্মৰ বাবে মেলি দিবলৈ পুনৰ চেষ্টা কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ৷

লগতে আছে নগাঁৱৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে ৷ বিধায়ক ৰূপক শৰ্মাই আন্তৰিকতাৰে নগাঁৱৰ ইতিহাস অধ্যয়নৰ বাবে লোৱা পদক্ষেপ হ’ব এক ইতিবাচক খবৰ ৷

খুলিব বিচৰা হৈছে নগাঁৱৰ মহাফেজ খানাৰ দুৱাৰ ৷ মহাফেজ খানা হৈছে এখন জিলাৰ দলিল ৷ ইয়াৰ বুকুতে লুকাই আছে জিলাখনৰ ইতিহাস ৷ বন্ধ কুঠৰিত থকা ইতিহাসক নীতিগত ভাবে খোলাৰ প্ৰাৰম্ভিক পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷

২০০৯ চনত নগাঁও মহাফেজ খানা আৰু গৱেষণা কেন্দ্ৰৰ বাবে কেইবাকোটি টকাৰে এটি গৃহ নিৰ্মাণ কৰা হৈছিল ৷ গৃহ নিৰ্মাণ কৰি গৃহটি মুকলি কৰা হ’ল কিন্তু কাৰ্যক্ষম কৰা নহ’ল ৷

ফলত ইতিহাস অৱগত হোৱাৰ পৰা বঞ্চিত হৈ ৰ’ল আজিৰ সমাজ ৷ নগাঁওবাসীয়ে দাবী তুলিলে নগাঁও মহাফেজ খানা আৰু গৱেষণা কেন্দ্ৰটি কাৰ্যক্ষম কৰাৰ ৷ ২০০৯ চনৰ পৰা কিন্তু মহাখেজ খানাটি কাৰ্যক্ষম নহ’ল ৷

শেহতীয়াকৈ বিধায়ক ৰূপক শৰ্মাই মহাফেজখানাটি কাৰ্যক্ষম কৰাৰ সদ্দিচ্ছাৰে জিলা উপায়ুক্তক লগত লৈ গৃহটিৰ বন্ধ দুৱাৰ খুলি পৰিদৰ্শন কৰিছে ৷ সামগ্ৰিক পৰিবেশ পৰ্যবেক্ষণ কৰি সকলো বাধা আঁতৰাই মহাফেজ খানাটি কেনেকৈ কাৰ্যক্ষম কৰিব পাৰি তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ৷

জিলা প্ৰশাসনৰে কেইবালানী আলোচনা কৰি জটিলতা আঁতৰাবলৈ চেষ্টা কৰিছে বিধায়কজনে ৷ কম দিনৰ ভিতৰত নগাঁও মহাফেজ খানা আৰু গৱেষণা কেন্দ্ৰটো কাৰ্যক্ষম হোৱাৰ সম্ভৱনা আছে ৷ কেন্দ্ৰটো মুকলি হ’লে নগাঁও জিলাৰ বহু ইতিহাস পোহৰলৈ অহাটো নিশ্চিত হৈ পৰিব ৷

পোহৰলৈ আহিব পাহৰণিৰ গৰ্ভৰ বহু তথ্যঃ নগাঁৱৰ মহাফেজ খানা সক্ৰিয় কৰাৰ প্ৰস্তুতি...
২৪ ঘণ্টা নহওতেই দুটাকৈ ডকাইটি কাণ্ডঃ দুজনক আটক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in