ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ খণ্ডৰ প্ৰতি নৱপ্ৰজন্মক আকৰ্ষণ কৰাৰ লক্ষ্যৰে এম এছ এম ই মন্ত্ৰণালয়ৰ উদ্যোগত ডনাৰ মন্ত্ৰালয়ৰ অধীনস্থ উত্তৰ পূৱ হস্ততাঁত আৰু হস্তশিল্প উন্নয়ন নিগমৰ সৌজন্যত নগাঁও জিলাৰ ৰূপহী ইনষ্টিটিউট অৱ পেৰামেডিকেল টেকনলজি(Rupahi Institute of Paramedical Technology)ত আজি এখনি সজাগতামূলক সভা অনুষ্ঠিত হয়।
সজাগতা সভাখনত প্ৰতিষ্ঠানখনৰ ফেকাল্টি ৰূপজ্যোতি দাসে আঁতধৰা অনুষ্ঠানটি সমল ব্যক্তি ৰূপে অংশ গ্ৰহণ কৰি সাংবাদিক দিব্যজ্যোতি বৰুৱাই এম এছ এম ইৰ আৰ্থসামাজিক গুৰুত্ব, কর্মসংস্থান সৃষ্টিৰ বিষয়ে আলোচনা কৰাৰ লগতে সক্ষমতা, আত্ম-নিয়ন্ত্রণ, সমস্যা সমাধান, যোগাযোগ, সিদ্ধান্ত গ্রহণ, আবেগিক নিয়ন্ত্রণ, সামাজিক দক্ষতা আদি জীৱন কৌশলৰ গুৰুত্বপূৰ্ণ দিশৰো ব্যখ্যা কৰে।
আন এগৰাকী সমল ব্যক্তি উদ্যমী প্ৰভাত চন্দ্ৰ দাসে কয়, ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ খণ্ড অৰ্থনীতিৰ এক গুৰুত্বপূর্ণ অংশ। ইয়াত নিয়োগ সৃষ্টিৰ লগতে দেশৰ সামগ্ৰিক অৰ্থনৈতিক বিকাশত বিশেষ ভূমিকা পালন কৰে।
অনুষ্ঠানৰ শেষত ৰূপহী ইনষ্টিটিউট অৱ পেৰামেডিকেল টেকনলজিৰ পৰিচালন সঞ্চালক আছলাম চৌধুৰীয়ে কৃষিৰ পাছতেই ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ খণ্ডই কম মূলধনী ব্যয়ত বৃহৎ নিয়োগৰ সুযোগ সৃষ্টি কৰি ৰাজ্য তথা দেশৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নত যথেষ্ট অৰিহণা যোগাই আহিছে বুলি উল্লেখ কৰে।
ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগৰ বৃদ্ধিত অৰিহণা যোগাবলৈ ছাত্ৰ-ছাত্ৰীসকলক উদ্যোগীকৰণৰ জগতখন অন্বেষণ কৰি জ্ঞান, দক্ষতা আৰু প্ৰেৰণাৰে সৱলীকৰণ হবলৈ তেওঁ আহ্বান জনায়। অনুষ্ঠানটিত প্ৰতিষ্ঠানখনৰ অধ্যক্ষ শ্বাহিল চৌধুৰী, আৰিফ আহমেদৰ লগতে শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।