নগাঁৱৰ পশ্চিমাঞ্চলত ভয়াবহ ৰূপে বৃদ্ধি পাইছে কপিকূলৰ সন্ত্ৰাস...

নগাঁও জিলাৰ পশ্চিমাঞ্চলত ভয়াবহ ৰূপে বৃদ্ধি পাইছে কপিকূলৰ সন্ত্ৰাস। অঞ্চলটোৰ কেইবাখনো গাঁৱৰ কৃষিজীৱী ৰাইজৰ লগতে স্বাভাৱিক জীৱন প্ৰণালীত ব্যাপকভাবে ব্যাঘাত জন্মাইছে।

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ পশ্চিমাঞ্চলত ভয়াবহ ৰূপে বৃদ্ধি পাইছে কপিকূলৰ সন্ত্ৰাস...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ পশ্চিমাঞ্চলত ভয়াবহ ৰূপে বৃদ্ধি পাইছে কপিকূলৰ সন্ত্ৰাস। বান্দৰে নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ ৰাইডঙীয়া,  নসত্র,  কৰচোং, ভোগবাৰী,  ৰজাগাঁও, চকলাঘাট,  ব্ৰাহ্মণ গাঁও,  জাজৰি,  শিমলুতল,  মাজগাঁও, মাজ জাজৰি আদি অঞ্চলৰ কৃষিজীৱী মানুহৰ লগতে স্বাভাৱিক জীৱন প্ৰণালীত ব্যাপকভাবে ব্যাঘাত জন্মাইছে।

শেহতীয়াকৈ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থান আৰু শলগুৰি সত্ৰ, নৰোৱা সত্রটো কপিকূলৰ সন্ত্ৰাস আৰম্ভ হৈছে। উন্নয়নৰ নামত চলা বনাঞ্চল ধ্বংসই বান্দৰৰ আৱাসস্থলী আৰু খাদ্যৰ প্ৰতি সংকট কঢ়িয়াই অনাৰ বাবে জনাঞ্চল সমূহত এই দুৰ্ভোগ ভূগিব লগা হৈছে।

বান্দৰ মানুহৰ সংঘাতৰ ফলত এই অঞ্চলৰ লাখ লাখ মানুহ জুৰুলা হ'ব লগা হৈছে। এইসমূহ গাঁৱৰ সৰু সৰু হাবিসমূহ ধ্বংস কৰাৰ ফলত খাদ্যৰ বাবে চলোৱা অভিযানে বহু অনিষ্ট কৰিছে।

ফলত বান্দৰো মানুহৰ প্ৰতি আক্ৰমণাত্মক হৈ পৰিব ধৰিছে। উদাহৰণ স্বৰূপে, বিগত দিনত বটদ্ৰৱা অঞ্চলৰ ৰাভা উপাধিৰ এগৰাকী ভাৰাতীয়া মহিলাক আক্ৰমণ কৰাৰ উপৰিও ৰাইডঙীয়া অঞ্চলৰ কেইবাগৰাকী মহিলাক আক্ৰমণ কৰাৰ ফলত হাস্পতালত ভৰ্ত্তি হবলগিয়া হৈছিল।

ইয়াৰ উপৰিও এই অঞ্চলৰ কৃষকসকলে কৰা লাভজনক খেতি যেনে কল,  জাতিলাও, ৰঙালাও, আলু,  মূলা,  জিকা,  ভোল,  কচু,  কুঁহিয়াৰ,  বিভিন্ন পাঁচলিৰ খেতি বাদ দিব লগা পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে ঘৰৰ বাৰীত একো কৰিব নোৱাৰা হৈছে। এই অঞ্চলৰ অমিতাগছৰ আগ ভাঙি খোৱা,  দহিকচু মোহাৰি খোৱা,  বাৰীৰ লাও,  জিকা, শাক-পাচলি এফালৰ পৰা শেষ কৰিছে।

তাৰোপৰি বৰ্তমান ঘৰৰ ভিতৰত সোমাই সজতনে সাঁচি ৰখা দালি,  বিস্কুট,  মাহ, ফল-মূলৰ উপৰিও ৰান্ধি থোৱা ভাত,  দাইল,  তৰকাৰী,  পিঠা পনা আদি খাদ্যবস্তু খাই একপ্ৰকাৰৰ সন্ত্ৰাস চলাইছে। এই ক্ষেত্ৰত ৰাইজে কেৱল নীৰৱ দৰ্শক হৈ ৰৈছে।

বান্দৰ আজি স্বাভাৱিক জীৱন প্ৰণালীলৈ নামি অহা এটা সন্ত্ৰাসৰ নাম হৈ পৰিছে এই গাওঁসমূহত। নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ ৰাইজে বান্দৰৰ উপদ্ৰৱক ৰাজ্যিক সমস্যা ৰূপে ঘোষণা কৰাৰ দাবীৰ লগতে বান্দৰৰ জন্মনিয়ন্ত্ৰন,  স্থানান্তৰকৰণ তথা বান্দৰৰ বাবে বনাঞ্চল সৃষ্টিৰো দাবী তুলিছে।

বটদ্ৰৱা