/asomiyapratidin/media/media_files/2025/04/29/2xTRbWzBj9PuEqeSgh1k.jpg)
ডিজিটেল সংবাদ, নগাঁও: কাৰাগাৰলৈ বিধায়ক আমিনুল ইছলাম । নগাঁৱৰ চি জে এমৰ আদালতে বিধায়কজনক নগাঁৱৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰে । চাৰিদিনৰ আৰক্ষীৰ জিম্মাৰ কাল অন্ত পৰাত আৰক্ষীয়ে বিয়লি আদালতত হাজিৰ কৰিছিল বিধায়ক ইছলামক ।
পেহেলগামত পৰ্যটকক উগ্ৰপন্হীয়ে আক্ৰমন কৰি হত্যা কৰাৰ ঘটনাৰ পিছতে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে বিতৰ্কিত মন্তব্য আগবঢ়াইছিল । ঘটনাৰ পিছতে নগাঁৱৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰি বিধায়ক জনক গ্ৰেপ্তাৰ কৰিছিল ।