সন্ধানহীন হৈ থকা কিশোৰীৰ মৃতদেহ উদ্ধাৰ

সন্ধানহীন হৈ থকা কিশোৰীৰ মৃতদেহ উদ্ধাৰ

ডিজিটেল সংবাদ,বটদ্ৰৱা : নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত বগৰিগুৰি- বামুণগাঁও সংযোগী পথৰ ওপৰৰ বাঘানা(বৰপুখুৰী) দলঙৰ ওপৰৰ পৰা বুধবাৰে এগৰাকী কিশোৰী পানীত পৰি সন্ধানহীন হৈ আছিল। কিশোৰীগৰাকী ভালুকমাৰীৰ প্ৰয়াত ধন বৰদলৈৰ ১৪ বছৰীয়া কন্যা বুলি জানিবলৈ দিয়ে।

ঘটনা সংঘটিত হোৱা দিনটোতেই আৰক্ষী,নগাঁও সদৰৰ চক্ৰ বিষয়া ঈসান সিঙৰ উপস্থিতিত SDRFৰ দলে কিশোৰীগৰাকীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছিল। নিশা পৰলৈকে SDRF কৰ্মীয়ে কিশোৰীগৰাকীক উদ্ধাৰ কৰিব পৰা নাছিল।

কিন্তু বৃহস্পতিবাৰে দলঙৰ তলত পানীৰ পৰা আৰক্ষীয়ে কিশোৰীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। পুৱা ৬টা বজাত জাজৰিৰ আৰক্ষীয়ে উক্ত দলঙৰ তলত পানীৰ ওপৰত কিশোৰীগৰাকীৰ মৃতদেহ ওপঙি থকা অৱস্থাত দেখা পায় আৰু মৃতদেহটো উদ্ধাৰ কৰে।

পৰৱৰ্তী সময়ত আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে।

সন্ধানহীন হৈ থকা কিশোৰীৰ মৃতদেহ উদ্ধাৰ
বজালী কাণ্ডৰ ন ন তথ্য পোহৰলৈঃ ৩ জন আটক....

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in