কাজিৰঙাত শিক্ষকৰ ৰূপত মন্ত্ৰী কেশৱ মহন্ত

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই গুণোৎসৱ উপলক্ষে কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰে
কাজিৰঙাত শিক্ষকৰ ৰূপত মন্ত্ৰী কেশৱ মহন্ত

ডিজিটেল সংবাদ,কাজিৰঙা : কাজিৰঙাত শিক্ষকৰ ৰূপত দেখা গ'ল মন্ত্ৰী কেশৱ মহন্তক। বোকাখাত শিক্ষাখণ্ডৰ অধীনৰ ৰঙাজান বাগিচা প্ৰাথমিক বিদ্যালয়ত গুণোৎসৱত উপস্থিত থাকে মন্ত্ৰীগৰাকী।

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই গুণোৎসৱ উপলক্ষে কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰে। ছাত্ৰ-ছাত্ৰীক নিজৰ শ্ৰেণীৰ পাঠৰ উপৰি বিভিন্ন ধৰণৰ কথা-বতৰা পাতে মন্ত্ৰীগৰাকীয়ে।

বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী, অভিভাৱক, স্থানীয় ৰাইজ আদিৰ সৈতে মত বিনিময় কৰি বিদ্যালয়খনৰ শৈক্ষিক ক্ষেত্ৰত লবলগীয়া ব্যৱস্থাসমূহৰ ওপৰত আলোকপাত কৰে।ইপিনে কাজিৰঙাৰ শ্বহীদ বেজা বৈষ্ণৱ আদৰ্শ হাস্পতাসখনত ৰোগীয়ে সমস্যাৰ সন্মুখীন হোৱা বুলি সাংবাদিকে সোধা প্ৰশ্ন উত্তৰত আদৰ্শ হস্পিতালখনৰ সা -সুবিধা উন্নত কৰাৰ কথা প্ৰকাশ কৰে। আনহাতে আগন্তুক লোকসভা নিৰ্বাচনত কাজিৰঙা সমষ্টিৰ প্ৰাৰ্থী সন্দৰ্ভত বৰ্তমানেও একো থিৰাং হোৱা নাই বুলি মত ব্যক্ত কৰে।

কাজিৰঙাত শিক্ষকৰ ৰূপত মন্ত্ৰী কেশৱ মহন্ত
কঠীয়াতলিত পৰিভ্ৰমী পক্ষীৰ জলকেলি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in