/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/dfe137d7-188d-4848-9f82-7951e0aa0ee3/boro_dhan.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰণ প্ৰকল্প (এপাৰ্ট)ৰ উদ্যোগত শনিবাৰে আধুনিক প্ৰযুক্তি সম্বলিত সজুলি 'মিনি কম্বাইন হাৰ্ভেষ্টাৰ'(Combine harvester)ৰ দ্বাৰা বৰো ধানৰ খেতি চপোৱা গ্ৰেণ্ড হাৰভেষ্ট কাৰ্যসূচী সম্পন্ন হয়। কৃষকক কম খৰছত, কম সময়ত, কৃষি শ্ৰমিকৰ অভাৱ দূৰ কৰি আধুনিক প্ৰযুক্তি সম্বলিত সজুলি 'মিনি কম্বাইন হাৰ্ভেষ্টাৰ' দ্বাৰা ধান চপোৱাৰ প্ৰদৰ্শনৰ বাবে অনুষ্ঠিত বৰোধান চপোৱা অনুষ্ঠানটি অনুষ্ঠিত হয় নগাঁও বটদ্ৰৱাৰ সমীপৱৰ্তী ৰাইডঙীয়া ফুলগুৰিৰ গাঁৱত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/6aecffc6-6eed-4f80-b24b-630b9c766357/783b36bb_01bb_473b_aa94_8b63f1332e21.jpg)
এপাৰ্টৰ গৱেষণা সহায়ক পাৰ্থ প্ৰতিম বৰাই আঁত ধৰা অনুষ্ঠানটিৰ আৰম্ভণি ভাষণ প্ৰদান কৰি মাণ্ডলিক গৱেষণা কেন্দ্ৰ চিলঙনীৰ মুখ্য বিজ্ঞানী ড০ হিৰণ্য কুমাৰ বৰাই "পূৰ্বতে প্ৰতিকূল বতৰ, প্ৰাকৃতিক দুৰ্যোগৰ আৰু শ্ৰমিকৰ খৰছৰ বাবে কৃষক সকল ক্ষতিগ্ৰস্ত হৈছিল, যাৰ পৰিপেক্ষিত কৃষি যান্ত্ৰিকিকৰণকৰ দ্বাৰা বৰ্তমান কম খৰছত, কম সময়ত প্ৰতিকূল পৰিস্থিতিৰ লগত যুজঁ দিবলৈ বহু নতুন উদ্ভাৱন হ'ল। তাৰেই এক উল্লেখযোগ্য উদ্ভাৱন হৈছে মিনি কম্বাইন হাৰ্ভেষ্টাৰ। যাৰ দ্বাৰা কৃষক ৰাইজ বহু ক্ষেত্ৰত উপকৃত হ'ব পাৰে। কৃষক ৰাইজে আদৰি ল'লে আমি সকলো দিশৰ পৰা সহায় সহযোগিতা আগবঢ়াম।" বুলি ভাষন প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/54c0cc08-fb19-439f-89db-a942daa42fd4/bc2fc7bb_bfd0_458c_88ff_5d162eb108d7.jpg)
অনুুষ্ঠানটিত অতিথি ৰূপে অংশ গ্ৰহণ কৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযানৰ ৰাজ্যিক পৰামৰ্শদাতা তথা এপাৰ্টৰ নগাঁও জিলাৰ পৰামৰ্শদাতা ড০ অৰুণিমা দেৱচৌধুৰীয়ে কয়, "কৃষকক ধানৰ জাত নিৰ্বাচিত কৰাৰ ক্ষেত্ৰত কৃষি বিভাগৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা লগতে প্ৰতিটো খেতিৰ জাতৰ নামটো মনত ৰাখিব লাগে, কাৰণ ভাল বেয়া নিৰ্বাচন কৰিবলৈ প্ৰয়োজন হয়। এই ৰাইডঙীয়া অঞ্চল পূৰ্বৰ পৰাই কৃষি ক্ষেত্ৰত সজাগ, বৰ্তমান যান্ত্ৰিকীকৰণক আদৰি লৈ কৃষক সকল আগবাঢ়ি আহক, আয় বৃদ্ধি কৰক।"
অনুষ্ঠানটিত উপস্থিত থাকি আন এগৰাকী অতিথি তথা মাণ্ডলিক গৱেষণা কেন্দ্ৰ চিলঙনীৰ কনিষ্ঠ বিজ্ঞানী বিদিশা বৰাই "কৃষিত যান্ত্ৰিকতাৰ প্ৰয়োগৰ ফলত বৰ্তমান কৃষকৰ উন্নতি হৈছে।" বুলি মত প্ৰকাশ কৰে। লগতে জিলা কৃষি বিভাগৰ সহকাৰী পৰিদৰ্শক শ্যাম সিংহ, আন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী ড০ ৰোহিত নামদেও কাৰিকৰী গৱেষক জন্মেজয় বিচোৱালে এপাৰ্টৰ বিভিন্ন উদ্ভাৱন সমূহৰ বিশ্লেষণ কৰে।
ৰাইডঙীয়াৰ জেষ্ঠ নাগৰিক হলিৰাম পাটৰ, সাংবাদিক দিব্যজ্যোতি বৰুৱা, দলংঘাট কৃষি প্ৰডিউচাৰ কম্পেনীৰ চেয়াৰমেন লক্ষীমনি পাটৰকে প্ৰমুখ্য কৰি কৰ্মকৰ্তা সকল, ৰাইডঙীয়া অঞ্চলৰ প্ৰগতিশীল কৃষক, আইমাতৃ সকলৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটিৰ শেষত শলাগৰ শৰাই আগবঢ়ায় পাৰ্থ প্ৰতিম বৰাই। প্ৰতিকূল বতৰকো নেওচি অনুষ্ঠিত সভাৰ শেষত ফুলগুৰি গাঁৱৰ পথাৰত কৃষক ৰাইজৰ সন্মুখত 'মিনি কম্বাইন হাৰ্ভেষ্টাৰ' ব্যৱহাৰ কৰি বৰোধানৰ চপোৱা প্ৰদৰ্শন কাৰ্য্সূচীও ৰূপায়ন কৰা হয়।