ধৰ্মপৰায়ণা মহিলা মীনা গোস্বামীৰ মৃত্যুত মাহৰিআতিত শোকৰ ছাঁ

ধৰ্মপৰায়ণা মহিলা মীনা গোস্বামীৰ মৃত্যুত মাহৰিআতিত শোকৰ ছাঁ

author-image
Asomiya Pratidin
New Update
ধৰ্মপৰায়ণা মহিলা মীনা গোস্বামীৰ মৃত্যুত মাহৰিআতিত  শোকৰ ছাঁ

ডিজিটেল সংবাদ, বেবেজীয়া: নগাঁও জিলাৰ বেবেজীয়া সমীপৰ মাহৰিআতি গাওঁ নিৱাসী তথা ধৰ্মপৰায়ণ, সমাজকৰ্মী, সৰবৰহী মহিলা মীনা গোস্বামীৰ ( ৮৪) মঙলবাৰে বিয়লি নগাঁৱৰ এখন চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি হয়।

উল্লেখ্য যে সোমবাৰে উচ্চ ৰক্তচাপত আক্ৰান্ত হোৱাৰ পাছত তেওঁক নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসাধীন অৱস্থাতে আজি তেওঁৰ পৰলোকপ্ৰাপ্তি হয়।

সমাজৰ বিভিন্ন স্তৰত জড়িত থকা বিশেষকৈ বেবেজীয়া বাহ্মণ মহিলা সমাজ, বেবেজীয়া সাৰ্বজনীন দূৰ্গা পূজা, হৰিহৰ দেৱালয়ৰ মহিলা সমিতিকে ধৰি বিভিন্ন সামাজিক কামত জড়িত থকা মীনা গোস্বামীয়ে মৃত্যুৰ সময়ত এজন পুত্ৰ- বোৱাৰী, এগৰাকী বিবাহিত জীয়ৰীকে ধৰি নাতি-নাতিনী আৰু বহু আত্মীয় স্বজনক এৰি থৈ যায়।

Also Read: 'চন্দ্ৰযান-৩'ৰ সফলতাত আছিল অৰিহণা, দৰমহা নাপাই পদপথত বিক্ৰী কৰিছে ইডলী..

nagaon