সমাগত পঞ্চায়ত নিৰ্বাচনৰ সন্দৰ্ভত নগাঁও জিলা প্ৰশাসনৰ সংবাদকৰ্মীৰ সৈতে সভা

পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত নগাঁও জিলা আয়ুক্ত কাৰ্য্যলয়ত জিলা আয়ুক্ত তথা জিলা নির্বাচনী বিষয়া নৰেন্দ্ৰ কুমাৰ শ্বাহৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত হৈ যায়।

author-image
Tushar Pratim
New Update
সমাগত পঞ্চায়ত নিৰ্বাচনৰ সন্দৰ্ভত নগাঁও জিলা প্ৰশাসনৰ সংবাদকৰ্মীৰ সৈতে সভা

ডিজিটেল সংবাদ ,নগাঁও: অসম ৰাজ্যিক নিৰ্বাচন আয়োগে কৰা ঘোষণা অনুসৰি সমগ্র অসমৰ লগতে নগাঁও জিলাতো দ্বিতীয় পৰ্যায়ত অহা ৭ মে'ত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত আজি নগাঁও জিলা আয়ুক্ত কাৰ্য্যলয়ৰ সভা কক্ষত জিলা আয়ুক্ত তথা জিলা নির্বাচনী বিষয়া নৰেন্দ্ৰ কুমাৰ শ্বাহৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত হৈ যায়। সভাত তেওঁ উল্লেখ কৰে যে,  নগাঁও জিলা প্ৰশাসনে সুস্থ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে ।

Advertisment

নির্বাচনী আৰ্হি আচৰণ বিধি বলবৎ হোৱাৰ লগে লগে এনে আচৰণ বিধি উলংঘনৰ ঘটনা ৰোধ কৰাৰ বাবে প্ৰশাসন, আৰক্ষী, ফ্লায়িং স্কোৱাড, ষ্টেটিক ছাৰ্বিলেন্স টিম, ব্যয় নিৰীক্ষণ সমিতি আৰু বিভিন্ন কোষ সষ্টম হৈ থাকিব । অহা ৭ মে'ৰ পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ ভোট গ্রহণ সম্পন্ন হ'ব।

লগতে ভোট গণনাৰ দিন ১১মে'ৰ পুৱা ৮ বজাৰ পৰা ধার্য্য কৰা হৈছে । পঞ্চায়ত নিৰ্বাচনৰ বাবে নগাঁও জিলাত সৰ্বমুঠ ভোটাৰৰ সংখ্যা ১৩,৮৮,৭৩৯ গৰাকী । ইয়াৰ ভিতৰত পুৰুষ ভোটাৰ ৬৯৬৮৬০ গৰাকী আৰু মহিলা ভোটাৰ ৬৯১৭৯৩ গৰাকী ।

পঞ্চায়ত নিৰ্বাচনত নগাঁও জিলাত মুঠ ১৭৮১ টা ভোটগ্ৰহন কেন্দ্ৰ স্থাপন কৰা হ'ব । নগাঁও জিলাত জিলা পৰিষদৰ সমষ্টিৰ সংখ্যা ২৭ টা, আঞ্চলিক পঞ্চায়তৰ সংখ্যা ১৩ টা, গাঁও পঞ্চায়তৰ সংখ্যা ১৬৪ টা আৰু ৱাৰ্ডৰ সংখ্যা ১৬৪০ টা ।

নিৰ্বাচনৰ মনোনয়ন পত্ৰসমূহ ৩ এপ্ৰিলৰ পৰা ১১ এপ্ৰিললৈ দিনৰ ১১-০০ বজাৰ পৰা বিয়লি ৩-০০ বজালৈ গ্ৰহণ কৰা হ'ব । ১২ এপ্ৰিলত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব আৰু উক্ত দিনায়ে  বৈধ্য প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ'ব ।

প্ৰাৰ্থীসকলে ১৭ এপ্ৰিলৰ দিনৰ ৩-০০ বজালৈ মনোনয়ন পত্ৰসমূহ প্ৰত্যাহাৰ কৰিব পাৰিব । ১৭ এপ্ৰিলত দিনৰ ৩-০০ বজাৰ পাছত চূড়ান্ত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পাব । গাঁও পঞ্চায়তৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰসমূহ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত, আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰসমূহ চক্ৰ বিষয়াৰ কাৰ্য্যালয় আৰু জিলা আয়ুক্তৰ কাৰ্য্যালয় আৰু জিলা পৰিষদৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰসমূহ জিলা আয়ুক্তৰ কাৰ্য্যালয়ত দাখিল কৰাৰ ব্যৱস্থা কৰা হৈছে ।

আয়ুক্তগৰাকীয়ে ভোটাৰ ৰাইজক তেওঁলোকৰ ফটোযুক্ত ভোটাৰ তালিকাত নিজৰ নাম, ঠিকনা, ভোটকেন্দ্ৰ সঠিকভাৱে আছেনে নাই তাক স্থানীয় বি.এল.অ' নাইবা নিৰ্বাচন আয়োগৰ ৱেবচাইটত গৈ নিৰীক্ষণ কৰিবলৈ আহ্বান জনায় আৰু সুস্থ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ  বাবে সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজৰ সহযোগিতা কামনা কৰে।

আজিৰ এই সভাত অতিৰিক্ত আয়ুক্ত পংকজ নাগবংশী, নিৰ্বাচনী বিষয়া শেখৰণ ফুকন আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া মন্দিৰা চায়েঙীয়া উপস্থিত থাকে।

পঞ্চায়ত নিৰ্বাচন