/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/aea12e89-0b76-4042-a9d1-2da2665e20ad/Fire.jpg)
ডিজিটেল সংবাদ, কামপুৰ : কামপুৰ থানাৰ অন্তৰ্গত মাগুৰগাওঁ শিউগুৰিত শুকুৰবাৰে সন্ধিয়া এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। শিউগুৰিৰ হাবিবুৰ ৰহমান নামৰ লোকজনৰ ঘৰৰ লগতে দুই পুত্ৰ আব্দুল গফৰ আৰু আব্দুল হান্নানৰ বাসগৃহ সম্পূৰ্ণ ৰূপে ভস্মীভূত হয় এই অগ্নিকাণ্ডত।
অগ্নিকাণ্ডত তিনিও ঘৰৰ প্ৰায় চাৰি লক্ষাধিক টকাৰ সা-সম্পত্তি বিনষ্ট হয়। শ্বটচাৰ্কিটৰ ফলতে অগ্নিকাণ্ড হোৱাৰ সন্দেহ কৰা হৈছে। অৱশ্যে ঘটনাৰ কিছু সময়ৰ পাছতে অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।
Also Read: ইণ্ডিয়ান ইনষ্টিটিউট ফৰ ছ’চিয়েল ডেভেলপমেণ্টৰ উদ্যোগত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us