কচুৱাত বিধ্বংসী অগ্নিকাণ্ড

কচুৱাত বিধ্বংসী অগ্নিকাণ্ড

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

ডিজিটেল ডেস্ক : সোমবাৰে নিশা নগাঁৱৰ কচুৱাৰ ২নং ফাকলিত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। জানিব পৰা মতে অঞ্চলটোৰ আব্দুল কাচেম নামৰ লোকজনৰ বাসগৃহত এই অগ্নিকাণ্ড সংঘটিত হয়।

Advertisment

অগ্নিকাণ্ডৰ ফলত কাচেমৰ বাসগৃহটো সম্পূৰ্ণৰূপে ভস্মীভূত হয় বুলি জানিবলৈ দিয়ে। ইয়াৰ উপৰি এই অগ্নিকাণ্ডত ২ লক্ষাধিক টকাৰ সা-সামগ্রীৰ ক্ষয়-ক্ষতি হয়।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। অৱশ্যে ঘটনাৰ কিছুসময় পাছতেই স্থানীয় লোক আৰু অগ্নিনিৰ্বাপক বাহিনীৰ সহায়ত জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয়।

Also Read: সংবাদজগতৰ পৰা খহি পৰিল এটি নক্ষত্ৰ ! জ্যেষ্ঠ সাংবাদিক- শিশু সাহিত্যিক বিকাশ শৰ্মা আৰু নাই

fire