ডিজিটেল সংবাদ বেবেজীয়া: নগাঁও জিলাৰ শেনচোৱা অঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান শেনচোৱা শংকৰদেৱ শিশু বিদ্যা নিকেতনত বৃহস্পতিবাৰে শিক্ষক দিৱসৰ কাৰ্যসূচী আৰু বিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে নিকেতনখনৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সমাজকৰ্মী, সমাজ সংগঠক মহেশ্বৰ শৰ্মা বৰঠাকুৰৰ এটি স্মাৰক মূৰ্তিৰ শিলান্যাস হয়।
পুৱা ৯ বজাত বিদ্যালয়ৰ প্ৰবেশ দ্বাৰৰ কাষতে প্ৰয়াত মহেশ্বৰ শৰ্মা বৰঠাকুৰৰ পুত্ৰ তথা অধিবক্তা মুকুল বৰঠাকুৰে এই মূৰ্তিৰ শিলান্যাস কৰে। অনুষ্ঠানটিত ভাস্কৰ্য শিল্পী হৰজিৎ সিং, নিকেতনৰ প্ৰধান আচাৰ্য্য পংকজ নাথকে ধৰি আচাৰ্য্য, আচাৰ্য্যা, সমাজকৰ্মী পুষ্পেন্দ হাজৰিকা, জগন্নাথ মহন্ত, তৰুণ মহন্ত, নিকেতনৰ সম্পাদক ৰাজু বৰা, সহকাৰী সম্পাদক অজিত শইকীয়া, লেনীন মহন্তকে ধৰি বহু ব্যক্তি উপস্থিত থাকে।
ইয়াৰ পিছতে শিক্ষক দিৱস উপলক্ষে নিকেতনৰ প্ৰেক্ষাগৃহত বিশিষ্ট সমাজকৰ্মী তৰুণ মহন্তৰ সভাপতিত্বত শিক্ষা গুৰু প্ৰণাম অনুষ্ঠান সম্পন্ন হয়। নিকেতনৰ ছাত্ৰ লক্ষ্যজিত দাসে আঁত ধৰা আনুষ্ঠাটিত সাংবাদিক, নিবন্ধকাৰ দেৱজিৎ হাজৰিকাই ভাষণত কয় যে, সমাজৰ শিক্ষকৰ স্থান সকলোতকৈ শীৰ্ষত। শিক্ষা গুৰুসকল হ'ল সমাজ সংস্কাৰক।
তেওঁ আৰু কয়, মানৱ সম্পদ গঢ়া খনিকৰ তথা শিক্ষা গুৰুসকলৰ মহান অৱদান আৰু ত্যাগক আমি সদায় স্বীকৃতি প্ৰদান কৰিব লাগে। সভাত বিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত বায়ু সেনা বিষয়া পুষ্পেন্দ হাজৰিকাই কয়, ছাত্ৰ-ছাত্ৰীসকলে নৈতিক আৰু আধ্যাত্মিক শিক্ষাৰে শিক্ষিত হৈ নিজকে অতি শক্তিশালী ৰূপে গঢ় দিব লাগে।
তেওঁ ভাষণত ভগৱান শ্ৰীকৃষ্ণ আৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ শিক্ষা আহৰণৰ কথা উল্লেখ কৰে। সভাত নিকেতনৰ প্ৰধান আচাৰ্য্য পংকজ কুমাৰ নাথ, সাংস্কৃতিক সংগঠক লেনীন মহন্ত, শিক্ষয়িত্ৰী ৰণী ভূঞাই শিক্ষক দিৱসৰ তাৎপৰ্য আৰু ড° ৰাধাকৃষ্ণণৰ জীৱনৰ দৰ্শনৰ ওপৰত আলোকপাত কৰি ভাষণ প্ৰদান কৰে।
উল্লেখ্য যে সভাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে গীত-মাত পৰিবেশন কৰাৰ লগতে ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ সম্পৰ্কে বক্তৃতা প্ৰদান কৰে।