বিশিষ্ট অধিবক্তা, জাতীয়তাবাদী নেতা মহেশ দাস আৰু নাই...

শনিবাৰে সন্ধিয়া নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে অধিবক্তাজনে

author-image
Asomiya Pratidin
New Update
বিশিষ্ট অধিবক্তা, জাতীয়তাবাদী নেতা মহেশ দাস আৰু নাই...

বিশিষ্ট অধিবক্তা, জাতীয়তাবাদী নেতা মহেশ দাস আৰু নাই...

ডিজিটেল ডেস্কঃ নগাওঁ আদালতৰ বিশিষ্ট অধিবক্তা তথা জাতীয়তাবাদী নেতা মহেশ দাস আৰু নাই। গুৱাহাটীৰ নেমকেয়াৰ চিকিৎসালয়ত বিগত প্ৰায় এমাহ চিকিৎসা গ্ৰহণ কৰি থকা অধিবক্তাগৰাকীৰ শনিবাৰে সন্ধিয়া ৫-১৫ বজাত পৰলোকপ্ৰাপ্তি হয়।

Advertisment

উল্লেখযোগ্য যে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী গ্ৰহণৰ অন্তত ১৯৭৩ চনতে নগাওঁ উকিল সন্থাৰ সদস্যভুক্ত হোৱা প্ৰবীণ অধিবক্তাগৰাকীয়ে যোৱা ৪ নৱেম্বৰত ওকালতি জীৱনৰ ৫০ বৰ্ষ সম্পূৰ্ণ কৰিছিল। সেই উদ্দেশ্যে নগাওঁ উকিল সন্থাই তেওঁৰ ৫০ বছৰীয়া সেৱাৰ স্বীকৃতি স্বৰূপে বিশেষ এক অনুষ্ঠানত তেওঁক সম্বৰ্ধনাও জনাইছিল।

কিন্তু ডিচেম্বৰ মাহৰ পৰা শাৰীৰিক অসুস্থতাত ভোগা সৰলমনা আৰু দায়বদ্ধ অধিবক্তাগৰাকীক তেওঁৰে অধিবক্তা কন্যা আৰু পৰিয়ালৰ লোকে জানুৱাৰীৰ প্ৰথমভাগতে তেওঁক গুৱাহাটীৰ নেমকেয়াৰ চিকিৎসালয়ত ভৰ্তি কৰে। কিন্তু সকলো প্ৰচেষ্টা বিফল কৰি শনিবাৰে তেওঁ পৰলোকলৈ গমন কৰে।

মৃত্যুৰ সময়ত পত্নী আৰু অধিবক্তা কন্যাৰ উপৰিও বেংগালুৰুস্থিত বহুজাতিক কোম্পানীত জ্যেষ্ঠ অভিযন্তা হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা একমাত্ৰ পুত্ৰ শান্তনু কুমাৰ দাসক এৰি গৈছে। অসমৰ বিদেশী বিতাৰণ আন্দোলনত বলিষ্ঠ ভূমিকা লোৱা প্ৰয়াত মহেশ দাস নগাওঁ মহাবিদ্যালয়ত অধ্যয়নৰত অৱস্থাতে এন চি চিৰ জ্যেষ্ঠ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে অসমৰ বিদেশী বিতাৰণ আন্দোলন, হয়বৰগাওঁস্থিত বীণাপানী নাট্য মন্দিৰ, নগাঁও ক্ৰীড়া সন্থা, নেহৰুবালি ৰঙালী বিহু সমিতি, নগাঁও নগৰ সুৰক্ষা সমিতি, নগাঁও ছহিদ ভৱন, নগাঁও বিশেষ কাৰাগাৰ তদাৰক সমিতি, এন এফ ৰে'লৱেৰ নগাঁও ষ্টেচন কমিটীৰ বিভিন্ন বিষয়বাবত কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও ৭৩ চনৰ পিছৰ পৰাই নগাঁও উকিল সন্থাৰ সদস্য, সম্পাদক, সভাপতিকে ধৰি বিভিন্ন বিষয়বাবত কাৰ্যনিৰ্বাহ কৰিছিল।

তদুপৰি সুদক্ষ টেনিছ খেলুৱৈগৰাকীয়ে টেনিছ সন্থাৰ বিষয়ববাতো কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ পৰিচালনা সমিতিত সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। মৃত্যুৰ সময়ত তেওঁ সদৌ অসম উকিল সন্থাৰ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।

প্ৰবীণ অধিবক্তাগৰাকীৰ মৃত্যুৰ সময়ত পত্নী, পুত্ৰ, কন্যা তিনিও তেওঁৰ কাষত উপস্থিত আছিল। আজি নিশাৰ ভাগতে তেওঁৰ নশ্বৰ দেহ নগাঁৱৰ হয়বৰগাওঁস্থিত বাসগৃহলৈ নিয়াৰ পিছত দেওবাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব বুলি জানিব পৰা গৈছে। ইফালে তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে নগাওঁ উকিল সন্থাৰ উপৰিও সমগ্ৰ অসমৰ উকিল সমাজ আৰু অন্যান্য দল, সংগঠন শোক বিহ্বল হৈ পৰিছে।

Also Read: উদুলি-মুদুলি বঢ়মপুৰ ছহিদ স্মৃতি আদৰ্শ উ: মা: বিদ্যালয়ৰ বাকৰি

মহেশ দাস