/asomiyapratidin/media/media_files/2025/03/29/HyRkqXgoX9u6IhU92BWh.jpg)
ডিজিটেল সংবাদ, বঢ়মপুৰঃ নগাঁও জিলাৰ ছহিদৰ পীঠস্থান বঢ়মপুৰৰ প্ৰাণকেন্দ্ৰত ১৯৫০ চনতে অঞ্চলটিৰ কেইজনমান সমাজহিতৈষী, শিক্ষানুৰাগী ব্যক্তিৰ ঐকান্তিক প্রয়াসৰ ফলশ্রুতিত স্থানীয় ছহিদ চাৰিগৰাকীৰ পুণ্য স্মৃতিত বঢ়মপুৰ ছহিদ স্মৃতি আদর্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনিৰ সৌধ নির্মাণ হৈছিল। জন্মলগ্নৰে পৰাই বিদ্যালয়খনে ৰূপান্তৰৰ গালিচা গচকি আহি প্ৰজ্ঞাৰ দিব্য প্রভাৰে সমগ্র অঞ্চলটিক আলোকিত কৰাৰ লগতে প্রকৃষ্ট মানৱ সম্পদ সৃষ্টিৰে জাতি তথা দেশৰ প্ৰতি অনবদ্য সেৱা আগবঢ়াই আহিছে।
বিগত বৰ্ষৰ জানুৱাৰী মাহত বিদ্যালয়খনে গৌৰৱোজ্জ্বল ৭৫ সংখ্যক বৰ্ষত পদার্পণ কৰিলে। তদুপলক্ষে গৰিমাৰে গৰকা বিদ্যালয়খনিৰ পৰিয়াল আৰু স্থানীয় ৰাইজৰ যুটীয়া প্রচেষ্টাত মহাৰজত জয়ন্তীৰ বৰ্ষজোৰা কাৰ্যসূচীৰ সফল ৰূপায়নৰ অন্তত ইয়াৰ সামৰণি অনুষ্ঠানটি অহা ৫ আৰু ৬ এপ্রিল তাৰিখে বর্ণাঢ্য কাৰ্যসূচীৰে উদ্যাপনৰ দিহা কৰা হৈছে।
সেই উপলক্ষে অহা ৫ এপ্ৰিলত পুৱা পতাকা উত্তোলনৰে কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰিব উদযাপন সমিতিৰ সভাপতি তথা বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে। স্মৃতি তৰ্পন অনুষ্ঠান মুকলি কৰিব উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি নৰেন্দ্ৰ নাথ শৰ্মাই।
দিনৰ ১০ বজাত উলিয়াবলগা বৰ্ণাঢ়্য সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰিব নগাঁও সংমণ্ডল বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথে।বিয়লি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হোৱাৰ পিছত সন্ধিয়া বন্তি প্ৰজ্বলন কৰা হ'ব।
ইপিনে ৬ এপ্ৰিলৰ পুৱা প্ৰাক্তন আৰু বৰ্তমানৰ শিক্ষক-শিক্ষয়ত্ৰী, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত সতীৰ্থ সন্মিলন অনুষ্ঠান অনুষ্ঠিত হ'ব। বিয়লি ১ বজাৰ পৰা উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক জিতু গোস্বামীৰ সভাপতিত্বত এখনি মুকলি সভা অনুষ্ঠিত হ'ব।
মুকলি সভাত জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰীকা, মীন আদি বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পাল, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড০ লীলাৱতী শইকীয়া বৰা আৰু বিশিষ্ট চিকিৎসক তথা সাংস্কৃতিক কৰ্মী ডা০ অঞ্জনজ্যোতি চৌধুৰীয়ে অংশগ্ৰহণ কৰিব। সভাতেই মহাৰজত জয়ন্তী উপলক্ষে প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ উন্মোচন কৰা হ'ব।
সন্ধিয়া বন্তি প্ৰজ্বলনেৰে মহাৰজত জয়ন্তী উৎসৱৰ সামৰণি পৰিব। মহাৰজত জয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠানত দুয়োদিনৰ সকলো কাৰ্যসূচী সফল কৰি তুলিবলৈ উদযাপন সমিতিৰ মুখ্য সম্পাদক দীপক চন্দ্ৰ বৰাই সকলোকে আহ্বান জনাইছে।