নগাঁৱত অসম কলেজ শিক্ষক সংস্থাৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভ অনুষ্ঠান

নগাঁও মহাবিদ্যালয়ত ১৯৪৯ চনতে গঠিত হোৱা অসম কলেজ শিক্ষক সংস্থাৰ মহাৰজত জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠানটি দেওবাৰৰ পৰা নগাঁও মহাবিদ্যালয়ত অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
নগাঁৱত  অসম কলেজ শিক্ষক সংস্থাৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভ অনুষ্ঠান

ডিজিটেল সংবাদ ,নগাঁও: নগাঁও মহাবিদ্যালয়ত ১৯৪৯ চনতে গঠিত হোৱা অসম কলেজ শিক্ষক সংস্থাৰ মহাৰজত জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠানটি দেওবাৰৰ পৰা নগাঁও মহাবিদ্যালয়ত অনুষ্ঠিত হয়। বছৰ যোৰা কাৰ্যসূচীৰে মহাৰজত জয়ন্তী উৎসৱ আৰম্ভ হৈছে। পুৱা ৮,৩০ বজাত ৰাজ্যখনৰ প্ৰতিখন মহাবিদ্যালয়ত সংস্থাৰ পতাকা উত্তোলন কৰাৰ পিছত বৃক্ষৰোপণ কৰা হয়।

Advertisment

ইয়াৰ পিছতেই নগাঁও মহাবিদ্যালয়ত পতাকা উত্তোলন কৰি মহাৰজত জয়ন্তী শুভাৰম্ভ অনুষ্ঠানৰ শুভাৰম্ভ কৰে সংস্থাৰ সভাপতি হিমাংশু মড়লে।স্মৃতি তৰ্পণ অনুষ্ঠান মুকলি কৰে সংস্থাৰ সাধাৰণ সম্পাদক জয়ন্ত বৰুৱাই।পুৱা দহ বজাত সংস্থাৰ প্ৰাক্তন সভাপতি তথা প্ৰথম অধিবেশন আদৰণি সমিতিৰ সভাপতি, অধ্যক্ষ যজ্ঞেশ্বৰ শৰ্মাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰিব সংস্থাৰ প্ৰাক্তন সভাপতি বিজয় শৰ্মাই।

ইয়াৰ পিছতে নগাঁও মহাবিদ্যালয়ৰ পৰা নগাওঁ ছোৱালী মহাবিদ্যালয়লৈ উলিওৱা আকৰ্ষণীয় সাংস্কৃতিক শোভাযাত্ৰা উদ্ধোধন কৰে সংস্থাৰ প্ৰাক্তন সভাপতি দেৱান জয়নাল আবদিনে।নগাঁও ছোৱালী মহাবিদ্যালয়ত থকা সংস্থাৰ প্ৰতিস্থাপক সাধাৰণ সম্পাদক তথ্য অধ্যক্ষ মহেশ চন্দ্ৰ দেৱগোস্বামীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে সংস্থাৰপ্ৰাক্তন সাধাৰণ সম্পাদক বাণেশ্বৰ শকীয়াই।দিনৰ বাৰবজাত সংস্থা প্ৰাক্তন সভাপতি ,সাধাৰণ সম্পাদক আৰু বিষয়ববীয়া সকলৰ সম্বৰ্ধনা আৰু বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়।

নগাঁও মহাবিদ্যালয়ৰ শ্বহীদ অনিল বৰা প্ৰেক্ষাগৃহত অনুষ্ঠিতএই অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়াই নগাঁও কলেজৰ অধ্যক্ষ ড° শৰৎ বৰকটকীয়ে। সংস্থাৰ সভাপতি হিমাংশু মড়লৰ সভাপতিত্বত অনুষ্ঠিত এই অনুষ্ঠানত ' স্বাধীনোত্তৰ ভাৰতবৰ্ষত শিক্ষা আৰু শিক্ষকৰ আন্দোলনৰ ধাৰা 'শীৰ্ষক বক্তৃতা প্ৰদান কৰে সংস্থাৰ প্ৰাক্তন সভাপতি ৰমণী বৰ্মণে। ইয়াৰ আগতে শ্বহীদ অনিল বৰাৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ কৰে সংস্থাৰ প্ৰাক্তন সভাপতি জ্যোতি গগৈয়ে।বিয়লি সংস্থাৰ প্ৰাক্তন আৰু বৰ্তমানৰ বিষয় ববীয়াৰ মত বিনিময় অনুস্থানঅনুষ্ঠিত হয় ৷ সন্ধিয়া বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ অনুষ্ঠানৰ সামৰণি পৰে। সংস্থাৰ নগাও -মৰিগাঁও মণ্ডল আৰু নগাঁও কলেজ শিক্ষক গোটৰ সহযোগত এই আনুষ্ঠান অনুষ্ঠিত হয়।

Also Read: "আপে সম্পত্তি আহৰণৰ অৰ্থে ক্ষমতা ব্যৱহাৰ কৰিছিল" চিছোদিয়াৰ গ্ৰেপ্তাৰক আদৰণি কংগ্ৰেছৰ