ডিজিটেল সংবাদ, বেবেজীয়া: মৰিগাঁও জিলাৰ কপিলী উন্নয়ন খণ্ডৰ অন্তৰ্গত চৰাইবাহীৰ মহাবাহু এগ্ৰো ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। চৰাইবাহী গাঁও পঞ্চায়ত কাৰ্যালয়ত অনুষ্ঠিত মহাবাহু এগ্ৰো ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি পুৱা বন্তি প্ৰজ্বলন কৰে সমাজসেৱক সন্দেশ্বৰ নাথে৷ ইয়াৰ পিছতে পতাকা উত্তোলন কৰে মহাবাহু এগ্ৰো ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ অধক্ষ্য মানস নাথে ৷ ইায়ৰ পিছতে প্ৰায় ৩০টা গছপুলি ৰোপন কৰা হয়।
ইয়াৰ পিছতে মহাবাহু এফ চি পি ৰ অধ্যক্ষ মানস নাথৰ সঞ্চালনাত এখন কৃষক সজাগতা সভাখন অনুষ্ঠিত হয়। মহাবাহু এফ চি পিৰ মূখ্য কাৰ্যবাহী বিষয়া ডিবেন্দ্ৰ কুমাৰ হাজৰিকাই আঁত ধৰা সভাখনি শুভ উদ্বোধন কৰে ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠান,গুৱাহাটীৰ প্ৰকল্প বিষয়া নলীনাক্ষ্য চমুৱাই। সভাত আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকি কৃষকৰ সমস্যা আৰু উন্নয়নৰ সন্দৰ্ভত মন্তব্য আগবঢ়াই ক্ৰমে, জিলা কৃষি বিভাগৰ এপাৰ্ট আঁচনিৰ বাণিজ্যিক বিষয়া ধনঞ্জী যাদৱ, মৰিগাঁৱৰ ইয়াংলী এফ চি পিৰ সঞ্চালক জানমণি মহন্ত, সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ সভাপতি দিব্যজ্যোতি হাজৰিকা, গুৱাহাটীৰ এগৰাকী উদ্যমী কাঠফুলা খেতিয়ক তুলিকা গগৈ স্বৰ্গীয়াৰী, মৰিগাঁৱৰ উদ্যমি মহিলা মমী নাথ, জ্যেষ্ঠ সাংবাদিক বিষ্ণু ডেকা, আৰু পোহৰ এগ্ৰো কৃষক উৎপাদক প্ৰতিষ্ঠানৰ সঞ্চালক শচিদান্দ বৰদলৈ , চৰাইবাহীৰ বিশিষ্ট সমাজসেৱক কমল বৰদলৈ, চৰাইবাহী সমবায় সমিতিৰ সভাপতি নিতুল বৰদলৈ , বৰভগীয়া গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি হিৰেন্দ্ৰ কুঃ নাথৰ লগতে বহু কেইগৰাকীয়ে ভাষণ প্ৰদান কৰে।
উল্লেখ্য যে সভাখনত আমন্ত্ৰিত অতিথি সকলক একোটি গছপুলি আৰু ফুলৰ থোপাৰে আদৰণি জনায় সভাখনিৰ আৰম্ভণিতে এফচিপিৰ সদস্যাসকলে মহাবাহু এফচিপিৰ শীৰ্ষক মানস নাথৰ ৰচনা আৰু সূৰ্য নাথৰ সুৰেৰে এটি সমবেত সংগীত গীত পৰিৱেশন কৰে। ইফালে সভাৰ শেষত এফচিপিৰ ১৪গৰাকী কৃষকক মৰিগাঁও জিলা কৃষি বিভাগৰ তৰফৰ পৰা যোগান ধৰা কেঁচুসাৰৰ বেগ আনুষ্ঠানিক ভাৱে প্ৰদান কৰে। উল্লেখ্য যে মহাবাহুৰ গাণনিক অভিজিত নাথে আমন্ত্ৰিত অতিথি সকলক শলাগৰ শৰাই আগবঢ়োৱা সভাখনিত মহাবহু এফচিপিৰ সঞ্চালক মণ্ডলী আৰু কৃষকসকল উপস্থিত থাকে ৷