হাওৰাঘাটৰ আমনি গাঁৱত মাঘী পূৰ্ণিমা পাৰ্বনৰ সফল সামৰণি..

উদয়াস্ত অখণ্ড যজ্ঞৰে সাৰণি
হাওৰাঘাটৰ আমনি গাঁৱত মাঘী পূৰ্ণিমা পাৰ্বনৰ সফল সামৰণি..
হাওৰাঘাটৰ আমনি গাঁৱত মাঘী পূৰ্ণিমা পাৰ্বনৰ সফল সামৰণি..

ডিজিটেল সংবাদ হাওৰাঘাটঃ কাৰ্বি আংলং জিলা দক্ষিণ পশ্চিম আঞ্চলিক সনাতন ব্ৰহ্ম ধৰ্ম প্ৰচাৰ সেৱা সমিতিৰ উদ্যোগত বিগত বৰ্ষবোৰৰ দৰে এইবাৰো সনাতন ব্ৰহ্ম ধৰ্ম সমাজৰ ৭৭ সংখ্যক মাঘী পূৰ্ণিমা পাৰ্বণটো ২৩ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত কৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ শনিবাৰে সফল সামৰণি পৰে। কাৰ্বি আংলং জিলাৰ হাওৰাঘাট অঞ্চলৰ আমনি গাঁৱৰ ব্ৰহ্মযজ্ঞ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত কৰা কাৰ্বি আংলং জিলা দক্ষিণ পশ্চিম আঞ্চলিক সনাতন ব্ৰহ্ম ধৰ্ম প্ৰচাৰ সেৱা সমিতিৰ দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি পুৱতি নিশা উষা কীৰ্তন কৰে আমনি গাঁৱৰ কীৰ্ত্তন দলে।

পুৱা উদয়াস্ত অখণ্ড যজ্ঞ শুভাৰম্ভ কৰাৰ পিছতে অনুষ্ঠানত শাস্ত্ৰ পাঠ কৰা হয়। আইসকলৰ দ্বাৰা ভাগৱতৰ নাম গোৱা হ'য়। বিয়লি এক বজাত মুকলি ধৰ্মালোচনী সভা অনুষ্ঠিত কৰা হয় ।

সভাত সভাপতিত্ব কৰে কাৰ্বি আংলং জিলা দক্ষিণ পশ্চিম আঞ্চলিক সনাতন ব্ৰহ্ম ধৰ্ম প্ৰচাৰ সেৱা সমিতিৰ সভাপতি তৰুণ চন্দ্ৰ ব্ৰহ্মই। সভাৰ আঁত ধৰে সাধাৰণ সম্পাদক দশৰথ ব্ৰহ্মই ।

সভাখন উদ্বোধন কৰে আমনি গাঁৱৰ জয়ন্ত বসুমতাৰীয়ে। আদৰণি ভাষণ প্ৰদান কৰে পুৰোহিত সন্মিলনৰ সম্পাদক ডিম্বেশ্বৰ দৈমাৰীয়ে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ দিয়ে কাউৰী পথাৰ গাঁৱৰ অমিয় কুমাৰ বাগলাৰীয়ে ।

সভাত মহিলা পুৰোহিত নীলিমা ব্ৰহ্ম, বিশিষ্ট অতিথি হিচাপে পদুম পুখুৰীৰ চন্দ্ৰ খাখলাৰী আৰু নতুনকৈ আচাৰ্য হিচাপে নিৰ্বাচিত কৰা হৰিদাস বসুমতাৰী আৰু উপাস্য ব্ৰহ্ম, বাহনি গাঁৱৰ আচাৰ্য বাবা কালিকান্ত ৰাভা আৰু কাউৰী পথাৰৰ আচাৰ্য বাবা লক্ষীন্দ্ৰ গয়াৰী উপস্থিত থাকি ভাষণ দিয়ে । সন্ধিয়া উদয়াস্ত অখণ্ড যজ্ঞৰে সাৰণি পৰে ।

হাওৰাঘাটৰ আমনি গাঁৱত মাঘী পূৰ্ণিমা পাৰ্বনৰ সফল সামৰণি..
বৰহাটত ৰাজ্যিক সাংবাদিক সন্থাৰ কাৰ্যনিৰ্বাহঃ শীঘ্ৰে চৰাইদেউৰ চাৰি সীমা নিৰ্ধাৰণ দাবী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in