বটদ্ৰৱাত সত্ৰীয়া পৰম্পৰাৰে মাঘ বিহুৰ উৰুকা

সত্ৰৰ সমূহ ভকত সমবেত হৈ মুচুকুণ্ড স্তুতিৰ 'মন ৰাম বোলা' শীৰ্ষক কীৰ্তন পৰিৱেশন কৰি আকাশ বতাহ মুখৰিত কৰি তোলে
বটদ্ৰৱাত সত্ৰীয়া পৰম্পৰাৰে মাঘ বিহুৰ উৰুকা

ডিজিটেল সংবাদ, বটদ্ৰৱা : অসমীয়া জাতীয় উৎসৱ তথা বাপতিসাহোন ভোগালী বিহুটি গুৰুজনাৰ জন্মস্থান বটদ্রৱাত সম্পূৰ্ণ স্বকীয় শৈলী তথা সত্রীয়া শৈলীৰ পৰম্পৰাগত কাৰ্যসূচীৰে উদযাপন কৰা হয়। বিহুৰ এসপ্তাহ পূৰ্বৰ পৰা বটদ্রৱাৰ প্রতিঘৰ গৃহষ্ঠৰ চোতেলে চোতালে ৰাইজ সমবেত হৈ সমস্বৰে ‘গৃহষ্ঠ সমন্ধে কুশলে উচ্চ বাকে বোলা হৰি..’ বুলি হৰিধ্বনি দিয়া অনুপম পৰম্পৰাৰে প্রতিঘৰ গৃহস্থৰ পৰা দান বৰঙণি সংগ্রহ কৰে।

এই দান-বৰঙণিৰে এইবেলি শ'লগুৰি সত্রৰ ৰাইজে সিংহদ্বাৰৰ সমীপত আৰু নৰোৱা সত্রৰ ৰাইজে আকাশী গংগাৰ তীৰত ৰাজহুৱা ভেলাঘৰ সাজিছে। দেওবাৰে নিশা সেই ভেলাঘৰত উৰুকাৰ নিশা নাম কীৰ্তন কৰে।

সত্ৰৰ সমূহ ভকত সমবেত হৈ মুচুকুণ্ড স্তুতিৰ 'মন ৰাম বোলা' শীৰ্ষক কীৰ্তন পৰিৱেশন কৰি আকাশ বতাহ মুখৰিত কৰি তোলে। ইফালে কাইলৈ বিহুৰ দিনা পুৱাই বটদ্রৱাবাসী ৰাইজে উক্ত ভেলাঘৰত সমবেত হৈ 'গ’ল কুঁজি গ’ল চন্দন পিন্ধাৱলৈ গ’ল...’ শীৰ্ষক দিহা পৰিৱেশন কৰাৰ অন্তত ভেলাঘৰত অগ্নি সংযোগ কৰি বছৰটোৰ মংগলৰ বাবে ঈশ্বৰৰ ওচৰত প্রাৰ্থনা জনাব।

বটদ্ৰৱাত সত্ৰীয়া পৰম্পৰাৰে মাঘ বিহুৰ উৰুকা
উৰুকাৰ নিশা বাগৰী জীপ ছাফাৰী সন্থাৰ আদৰণীয় পদক্ষেপ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in