ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ মাধুৰ্য ডেকাৰ মৃত্যু

ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ মাধুৰ্য ডেকাৰ মৃত্যু

ডিজিটেল সংবাদ ,নগাঁও: ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ,যুৱ ব্যবসায়ী তথা নগাঁৱৰ টাউন-মৰিকলং নিবাসী মাধুৰ্য ডেকা (৪৮) ৰ বুধবাৰে নিশা মৃত্যু হয়। বিগত কেবাদিন ধৰি অসুস্থ হৈ থকা ডেকা নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। অসম পাঞ্জা সন্থাৰ লগত জড়িত মাধুৰ্য ডেকা পাঞ্জা সন্থাৰ নগাঁও জিলা সমিতিৰ সাধাৰন সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।

ভাৰতৰ বিভিন্ন স্থানত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা প্ৰতিযোগিতাত ডেকাই সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। নগাঁও জিলাত পাঞ্জা খেলক জনপ্ৰিয় কৰি তোলাত ডেকাই গুৰুত্ব পূৰ্ণ ভূমিকা পালন কৰিছিল। পাঞ্জা খেলৰ সমান্তৰাল ভাৱে তেওঁ ব্যবসায়ৰ ক্ষেত্ৰটো সফলতা আৰ্জন কৰিবলৈ সক্ষম হৈছিল।

বিভিন্ন সামাজিক-সাংস্কৃতিক কাম কাজৰ লগত জড়িত খেলুৱৈ গৰাকীৰ মৃত্যুত টাউন-মৰিকলং অঞ্চলত গভীৰ শোকৰ ছা পৰিছে। তেওঁৰ মৃত্যুত অসম পাঞ্জা সন্থা,নগাঁও জিলা পাঞ্জা সন্থা,টাউন মৰিকলং প্ৰগতি সংঘ,টাউন মৰকিলং ৰাস উৎসৱ উদযাপন সমিতি,মৰিকলং ভাস্কৰ ক্লাৱ,আৰবান হাইস্কুলৰ প্ৰাক্তন সতীৰ্থ মিলন সমাৰোহ,প্ৰগতি শাখা সাহিত্য সভাকে ধৰি স্থানীয় বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত তেওঁৰ বৃদ্ধ পিতৃ-মাতৃ, পত্নী আৰু সাতবছৰীয়া একমাত্ৰ পুত্ৰ,এগৰাকী বিবাহিত ভগ্নী-এজন জোৱাই সহ বহু আত্মীয় স্বজন ইহ সংসাৰত এৰি থৈ গৈছে ।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ মাধুৰ্য ডেকাৰ মৃত্যু
অশ্লীল ফটো, ব্লেকমেইল পাছত মৃতদেহ উদ্ধাৰ, কোনে হত্যা কৰিলে দিব্যাক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in