/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-19/t2e5shnh/28.jpg)
ডিজিটেল সংবাদ,লামডিংঃ উত্তৰ-পূৱ সীমান্ত ৰেলৱেত সংঘটিত হৈছে আজব ঘটনা । লামডিঙত যাত্ৰীবাহী ৰেলৰ ডবা এৰি বহুদূৰ গুচি গ'ল ইঞ্জিন। জানিব পৰা মতে, 14038 নম্বৰৰ নামনিমুৱা নিউ দিল্লী শিলচৰ এস্কপ্ৰেছখন লামডিং জংচনৰ পৰা ওলাতেই এই ঘটনা সংঘটিত হয়।
পুনৰ ইঞ্জিন লগোৱাৰ পাছত ৰেলখন শিলচৰ অভিমুখে ৰাওনা হয়। উক্ত ঘটনাটো গাপ দিয়াৰ চেষ্টা কৰে ৰেল বিভাগে। উল্লেখ্য যে, দুদিন পূৰ্বে ডিমাহাচাও জিলাৰ দিবালঙত সংঘটিত হৈছিল ভয়ংকৰ ৰেল দুৰ্ঘটনা ৷