/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/9dcf640e-2290-444a-b999-c11b4f8bea3d/AP_FOR_WEB__2.jpg)
লামডিঙত ৰঙালী বিহু উদযাপন
ডিজিটেল সংবাদ,লামডিংঃ ব'হাগ মানেই ৰং-আনন্দ। ৰঙালী বিহু উপলক্ষে উদুলি-মুদুলি লামডিং চহৰ। লামডিং ৰেলৱে ইনষ্টিটিউটৰ সহযোগত প্ৰতি বছৰে পহিলা ব'হাগত বিহু উদযাপন কৰা হয়। এইবেলিও লামডিং বাংলা সাহিত্য সাংস্কৃতিক মঞ্চৰ উদ্য়োগত বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক একত্ৰিত হৈ নৃত্য-গীত পৰিবেশন কৰে।
বিহুৰ অনাবিল আনন্দ আৰু পাৰস্পৰিক মিলা-প্ৰীতিৰে লামডিংবাসীয়ে শোভাযাত্ৰা উলিয়াই । সমাজত শান্তি সম্প্ৰীতি বজাই ৰখাৰ উদ্দেশ্যে শোভাযাত্ৰা উলিওৱা হয়।
Also Read: ২৪ কেৰেট সোনৰ দৰেই মোডীৰ গেৰান্টীঃ কি কি আছে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত? জানক...