/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/832f5deb-0d3f-47dc-92d4-fee30e4f9e3b/5.jpg)
ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁৱৰ অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান "সুৰ সাধনা"ৰ উদ্যোগত ২৮ মাৰ্চৰ পৰা অনুষ্ঠিত অসমীয়া লোকসংগীতৰ কৰ্মশালাৰ দেওবাৰৰ সন্ধিয়া সামৰণি পৰে। কৰ্মশালাত প্ৰধান প্ৰশিক্ষক ৰূপে উপস্থিত আছিল অসমৰ লোকসঙ্গীত জগতৰ দক্ষ শিল্পী বৰপেটাৰ নকুল দাস।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/5253147f-1e5a-45c3-8257-a77af7a97257/9f562e9d_ebfb_45c1_bf22_6fddc17b5410.jpg)
সুৰ সাধনাৰ অধ্যক্ষা সুৱাগমণি মহন্তইও এই কৰ্মশালাত গীতৰ প্ৰশিক্ষণ প্ৰদান কৰে।হুঁচৰি, বিহুগীত, কামৰূপী লোকগীত, হোলীগীত নাওখেলৰ গীত আদি বহুকেইটি গীত এইকেইদিনতে ছাত্ৰ -ছাত্ৰীসকলে আয়ত্ত কৰে। প্ৰশিক্ষক নকুল দাসে সুৰ সাধনাৰ ছাত্ৰ-ছাত্ৰীসকলৰ সুৰ আৰু তাল মানৰ শলাগ লয়। কৰ্মশালাত বাদ্য সংগত কৰিছিল বাসুদেৱ ব্ৰহ্মচাৰীয়ে।
কৰ্মশালাখনিৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয় নগাওঁ বিশ্ববিদ্যালয়ত। অনুষ্ঠানত প্ৰশিক্ষকৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে কৰ্মশালাত শিকা লোকসংগীত পৰিৱেশন কৰে।বাদ্য সংগত কৰে অজয় ৰাজবংশী, অতুল মহন্ত আৰু বাসুদেৱ ব্ৰহ্মচাৰীয়ে। অনুষ্ঠানৰ আঁত ধৰে নৱকুমাৰ মহন্তই। অনুষ্ঠানত অসমৰ বিশিষ্ট শিল্পী ৰঞ্জন বেজবৰুৱা, ধনঞ্জয় খুচৰে, প্ৰাঞ্জল মহন্ত আদি কেইবাগৰাকীও শিল্পীৰ লগতে গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
Also Read: গহপুৰৰ মেধাৱী ছাত্র অগ্নিভ বৰাৰ সাফল্য