/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/92fd0cc7-3842-4cc6-b1d5-8c862dd9a015/25.jpg)
ডিজিটেল সংবাদ,বটদ্ৰৱা : নগাঁও জিলাৰ বটদ্ৰৱা সাংবাদিক সন্থাৰ সাংবাদিক মুস্তাফা ছালিম আহমেদৰ প্ৰচেষ্টাত শুকুৰবাৰে এটি ক্ষুদ্ৰ উদ্যোগৰ শুভাৰম্ভ কৰা হয়। বৃহত্তৰ অঞ্চলৰ বহুদিনীয়া বিশুদ্ধ খোৱা পানীৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি ক্লীয়েৰ ৱাটাৰ নামেৰে ক্ষুদ্ৰ উদ্যোগটো আজি জুম্মা নামাজৰ পিছত শুভ উদ্বোধন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/68e46be5-4ad6-4d1a-8bce-9fedcb010543/f7de8ed5-bd7b-494e-971b-bb38f6a643c8.jpg)
শুভ উদ্বোধন কৰে নগাঁও জিলাৰ উত্তৰ পশ্চিম অঞ্চলৰ হাফিজ আলহাজ আব্দুৰ ৰহিম আৰু অৱসৰপ্ৰাপ্ত শিক্ষক মস্তোফা কামালে। উক্ত অনুষ্ঠানত,অসম টিউটৰ শিক্ষক সন্থাৰ মুখ্য উপদেষ্টা শ্বেক আব্দুল্লাহ, সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি মৌলানা আবুল হুছেইন, বটদ্ৰৱা সাংবাদিক সন্থাৰ সভাপতি নিতুমণি গোস্বামী, মোছাৰ প্ৰাক্তন সভাপতি আব্দুল মালেক, সাংবাদিক ছাইফুল ইছলামকে ধৰি অঞ্চলৰ প্ৰায় শতাধিক লোক উপস্থিত থাকে।
উদ্যোগটোৰ স্বত্বাধিকাৰী মুস্তাফা ছালিম আহমেদে "clear water" নামৰ বিশুদ্ধ খোৱা পানী ব্যৱহাৰ কৰিবলৈ সংবাদ মাধ্যমৰ যোগেদি ৰাইজক অনুৰোধ জনায়।
Also Read: কিমতে ভকতি কৰিবো তোমাত...