/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/cf75544d-ef83-44b1-a8b1-a46d88bbe654/3.jpg)
ডিজিটেল সংবাদ, কামপুৰঃ বিশ্বাসে মিলয় হৰি। এই বাক্যশাৰীক সাৰোগত কৰি ধৰ্মীয় নীতি নিয়মত গঢ়ি উঠিছে বহু মঠ -মন্দিৰ তথা পুজা অৰ্চনা। নগাঁও জিলাৰ কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত লুটুমাৰীৰ লংজাপ পাহাৰত স্থানীয় লোকসকলে বহুবছৰৰ আগতে অপায় -অমংগলৰ পৰা পৰিত্ৰাণ পাবৰ বাবে গঢ়ি তুলিছিল এক মাংগলিক পুণ্যভূমিৰ। যাক নাম দিছিল চাৰক বাবা থান।
স্থানীয় লোকসকলৰ অতীতত এই পাহাৰীয়া এলেকাটোৰ নামনিত বন্যহস্তী খোজত সৃষ্টি হৈছিল এটা পানী যোৱা নলা। অৱশ্যে ঐশ্বৰিক শক্তি থকা এই নলাটো কোনো দূষ্ট প্ৰকৃতিৰ লোকে বন্ধ কৰি দিছিল। পাহাৰৰ ওপৰত এটা শিলৰ গোহাৰ ভিতৰত আছে লংজাপ বাবা অথবা চাৰপ বাবাৰ থান।
স্থানীয় লোকসকলে বিশ্বাস কৰে এই থানত বিয়া সবাহত তামোল পানৰে শৰাই দিলে অভাৱ মোচন কৰে চাৰক বাবাই। এই ইতিহাসক সাক্ষী লংজাপ অঞ্চলৰ তিৱা, কাৰ্বি, বড়ো, কোঁচ আদি জনগোষ্ঠীয় লোকসকলে বিগত ২৪ বছৰে মাঘী পুৰ্ণিমাত এখন মেলাৰ আয়োজন কৰি আহিছে। এইবেলিও স্থানীয় লোকসকলে মাঘী পুৰ্ণিমা দিনাৰ পৰা তিনিদিনীয়াকৈ এই মেলাৰ আয়োজন কৰিছে। সোমবাৰে মেলাৰ অন্তিম দিন। বিগত দুটা দিনত বিভিন্ন জাতি জনগোষ্ঠিৰ অজস্ৰ ভক্তৰ সমাগম ঘটিছে।মেলাৰ উপলক্ষে বিভিন্ন জনগোষ্ঠীয় লোকসকলে স্বকীয় পৰম্পৰাৰ মাজৰে মাংগলিক কাৰ্যসমূহ কৰাৰ লগতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰিছে। স্থানীয়লোক সকলে এই বিমূখ থান খনৰ উন্নয়নৰ বাবে স্থানীয় বিধায়কৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০হিমন্তু বিশ্ব শৰ্মাক অনুৰোধ জনাইছে ।