/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/8b34ead5-97d1-4556-bc6d-7a808a2ca103/2.jpg)
ডিজিটেল সংবাদ, কামপুৰঃ নগাঁও জিলাৰ কচুৱাৰ ৰজা গাঁৱৰ উত্তৰ বৰবিল জয়াপথাৰত প্রতি বছৰৰ দৰে এইবাৰো ৭দিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰে আয়োজন কৰিছে লক্ষী পূজা। ১১ তম বাৰ্ষিক লক্ষী পূজা উদযাপন সমিতিয়ে উত্তৰ বৰবিল আঞ্চলিক শনিবৰীয়া বজাৰ প্ৰাংগনত যোৱা ২৮ অক্টোবৰৰ পৰা ৩ নবেম্বৰৰ লৈকে সাত দিনীয়াকৈ অনুস্থিত কৰা লক্ষী পূজা উপলক্ষে বিভিন্ন অনুষ্ঠানৰ লগতে আধুনিক নৃত্য প্ৰতিযোগিতাৰো আয়োজন কৰিছে।
জয়াপথাৰ এফ. আৰ. চি. শনিবৰীয়া সপ্তাহিক বজাৰত অনুস্থিত কৰা আধুনিক নৃত্য প্ৰতিযোগিতাত মধ্যঅসমৰ বিভিন্ন ঠাইৰ নৃত্য শিল্পী সকলে অংশ লয়। ইফালে পুজা উপলক্ষে এখন মেলাৰ আয়োজন কৰাৰ লগতে বিভিন্ন মাংগলিক কাৰ্যসূচীও অনুস্থিত হয়। মঙলবাৰে নিশাৰ ভাগলৈ "অভিমন্যু বধ " অসমীয়া ভাওঁনা মঞ্চস্থ কৰিব বুলিও উদ্যোক্তাসকলে জানিব দিয়ে।