দীৰ্ঘদিনীয়া বিবাদৰ অন্তত মেঘালয়ৰ মৌজ'মবিন গুহাৰ ভিতৰত কুটুম্ব সুৰক্ষা পৰিষদৰ শিৱ পূজা

হিন্দুত্ববাদী সংগঠন কুটুম্ব সুৰক্ষা পৰিষদৰ এটি সজাতি দলে মহা শিৱৰাত্ৰি উপলক্ষে বুধবাৰে মেঘালয়ৰ মৌচিনৰামৰ মৌজ'মবিনৰ গুহাত অৱস্থিত শিৱলিঙত পূজা অৰ্চনা কৰে।

author-image
Asomiya Pratidin
New Update
দীৰ্ঘদিনীয়া বিবাদৰ অন্তত মেঘালয়ৰ মৌজ'মবিন গুহাৰ ভিতৰত কুটুম্ব সুৰক্ষা পৰিষদৰ শিৱ পূজা

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ হিন্দুত্ববাদী সংগঠন কুটুম্ব সুৰক্ষা পৰিষদৰ এটি সজাতি দলে মহা শিৱৰাত্ৰি উপলক্ষে বুধবাৰে মেঘালয়ৰ মৌচিনৰামৰ মৌজ'মবিনৰ গুহাত অৱস্থিত শিৱলিঙত পূজা অৰ্চনা কৰে। কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি সত্যৰঞ্জন বৰাৰ নেতৃত্বত যোৱা ভক্তৰ দলটোৰ এই বিশেষ পূজা এক উল্লেখযোগ্য মুহূৰ্ত হিচাপে চিহ্নিত হৈছে।

Advertisment

কাৰন দীৰ্ঘদিনীয়া বিবাদৰ সমাধানৰ পিছত গুহাটোৰ ভিতৰত থকা এই প্ৰাকৃতিকভাৱে গঠিত শিৱলিঙ্গৰ পূজাক লৈ ব্যপক চৰ্চা চলিছে। উল্লেখ্য যে, ২০২৪ চনৰ আগষ্ট মাহত মৌজ'মবিনত স্থানীয় একাংশ লোকে শিৱলিঙত পূজা-অৰ্চনাত নিষেধাজ্ঞা আৰোপ কৰাৰ ফলত উত্তেজনাৰ সৃষ্টি হৈছিল। 

ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে কুটুম্ব সুৰক্ষা পৰিষদে অতি নিষ্ঠাৰে বিষয়টো লৈ বিভিন্ন চৰকাৰী, বেচৰকাৰী সংস্থাৰ লগত কেইবামাহো ধৰি আলোচনাৰ অন্তত ২০২৫ চনৰ ৩ জানুৱাৰীত পূব খাছি পাহাৰৰ উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন বৈঠকত উক্ত শিৱলিংগত পূজা অৰ্চনাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

কুটুম্ব সুৰক্ষা পৰিষদৰ প্ৰতিনিধি,  মেঘালয় ৰাজ্য চৰকাৰৰ বিষয়া,  স্থানীয় দল সংগঠনৰ সদস্যসকলে অংশগ্ৰহণ কৰা উক্ত বৈঠকত সফলতাৰে সংঘাতৰ অন্ত পৰে আৰু ফলত উক্ত স্থানত পূজা অব্যাহত ৰখাৰ অনুমতি প্ৰদান কৰা হয়। ইফালে উক্ত আলোচনাৰ চুক্তি অনুসৰি বুধবাৰে ভক্তৰ দলটোৱে প্ৰসাদৰ আধ্যাত্মিক প্ৰকৃতিৰ লগত খাপ খুৱাই কোনো সামগ্ৰী,  যেনে চাকি বন্তি,  ধুপ,  ফুল বা ফলমূল নোহোৱাকৈ শিৱলিঙ্গত প্ৰাৰ্থনা কৰে।

আধ্যাত্মিকতা বজাই ৰাখি সত্যৰঞ্জন বৰাকে প্ৰমুখ্য কৰি ভক্তসকলে ভক্তিৰ বিভিন্ন মুদ্ৰা অনুসৰণ কৰি "নাম জাপ"ৰ সৈতে প্ৰাৰ্থনা সম্পন্ন কৰি অনুষ্ঠানটোৰ আধ্যাত্মিক তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে। পূজা অৰ্চনাৰ অন্তত সত্যৰঞ্জন বৰাই পূব খাছি পাহাৰৰ জিলা প্ৰশাসন আৰু স্থানীয় জনগোষ্ঠীৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।

তেখেতে কয়, "স্থানীয় লোকসকলে আমাক আদৰণি জনোৱা আৰু আমাৰ সৈতে মত বিনিময় কৰা দেখি আনন্দিত আৰু সন্মানিত হৈছো। এক সুন্দৰ অভিজ্ঞতা  তেওঁলোকৰ আতিথ্য আৰু সহযোগিতাৰ বাবে মই তেওঁলোক সকলোকে আন্তৰিকতাৰে ধন্যবাদ জনাইছো।

এই সুন্দৰ আৰু ধৰ্মনিৰপেক্ষ দেশখনৰ নাগৰিক হিচাপে ইজনে সিজনক সন্মান কৰা আৰু আমাৰ জাতীয় সততা আৰু সামাজিক ঐক্যক শক্তিশালী কৰাৰ বাবে একেলগে থকাটো আমাৰ নৈতিক  আৰু সাংবিধানিক কৰ্তব্য। তাৰোপৰি বৰাই বিভিন্ন জনগোষ্ঠীৰ মাজত ঐক্য আৰু সন্মানৰ মনোভাৱ পুনৰ দৃঢ় কৰি সকলো অংশীদাৰ আৰু মেঘালয়বাসীলৈ মহা শিৱৰাত্ৰীৰ শুভেচ্ছা জ্ঞাপন কৰে।

মেঘালয় কুটুম্ব সুৰক্ষা পৰিষদ