সাংস্কৃতিক কৰ্মী কৃষ্ণকান্ত হাজৰিকাৰ মৃত্যু

সাংস্কৃতিক কৰ্মী কৃষ্ণকান্ত হাজৰিকাৰ মৃত্যু

author-image
Asomiya Pratidin
New Update
সাংস্কৃতিক কৰ্মী কৃষ্ণকান্ত হাজৰিকাৰ মৃত্যু

ডিজিটেল সংবাদ , নগাঁও: নগাঁও চহৰৰ পূৱ আমোলাপট্টি নিৱাসী, ব্যৱসায়ী তথা সমাজকর্মী কৃষ্ণকান্ত হাজৰিকা(৭২)ৰ দেওবাৰে নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত পৰলোকপ্ৰাপ্তি ঘটে ।যকৃতকে ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হাজৰিকা বিগত কেবাদিন ধৰি চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছিল ।

Advertisment

নগাঁও চহৰৰ বিভিন্ন সামাজিক- সাংস্কৃতিক অনুষ্ঠান- প্ৰতিষ্ঠানৰ লগত জড়িত কৃষ্ণকান্ত হাজৰিকা অগ্ৰণী সামাজিক- সাংস্কৃতিক অনুষ্ঠান 'কল্লোল'ৰ সৈতে দীৰ্ঘ সময় ধৰি জড়িত হৈ থকাৰ লগতে মৃত্যু পৰ্যন্ত সাংস্কৃতিক গোষ্ঠীটোৰ উপ সভাপতি পদত অধিষ্ঠিত হৈ আছিল । তেওঁ নগাঁও শ্মশানঘাট শ্ৰী শ্ৰী শিৱ মন্দিৰ পৰিচালনা সমিতিৰো এগৰাকী কাৰ্যকৰী সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ লগতে নগাঁওবাসী কলিয়াবৰীয়া সমাজৰো এগৰাকী সদস্য আছিল ।

কৃষ্ণকান্ত হাজৰিকাৰ মৃত্যুত নগাঁৱত শোকৰ ছাঁ পৰে। পুৱা হাজৰিকাৰ নশ্বৰ দেহ নগাঁৱৰ বাসগৃহ আহি পোৱাৰ পাচত কল্লোল সাংস্কৃতিক গোষ্ঠীৰ সভাপতি লোহিত কলিতা, সম্পাদক নৌচাদ আখতাৰ হাজৰিকা, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, নগাঁও পৌৰসভাৰ উপ পৌৰপতি সীমান্ত বৰাকে প্ৰমুখ্য কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে হাজৰিকাৰ প্ৰতি শেষ শ্ৰদ্ধা নিৱেদন কৰে ।

কৃষ্ণকান্ত হাজৰিকাৰ মৃত্যুত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, নগাঁও পৌৰসভাৰ উপ পৌৰপতি সীমান্ত বৰাৰ লগতে কল্লোল সাংস্কৃতিক গোষ্ঠী,স্পেক মেকে, আজৰি, ৰংমহল, মঞ্চ-অন্তৰ, শ্বহীদ ভৱন পাব্লিক লাইব্ৰেৰী, নগাঁওবাসী কলিয়াবৰীয়া সমাজ, নগাঁও শ্মশানঘাট শ্ৰী শ্ৰী শিৱ মন্দিৰ সমিতি, পূৱ নগাঁও ৰঙালী বিহু উৎসৱ সমিতিকে ধৰি ভালেসংখ্যক ব্যক্তি আৰু অনুষ্ঠানে শোক প্ৰকাশ কৰে । মৃত্যুৰ সময়ত তেওঁ পত্নী, দুই পুত্ৰ সহ ভালেসংখ্যক আত্মীয়ক ইহ সংসাৰত এৰি থৈ যায়। পুৱা আমোলাপট্টি সাৰ্বজনীন শ্মশানত হাজৰিকাৰ নশ্বৰ দেহৰ শেষকৃত্য সম্পন্ন কৰা হয় ।

Also Read: ২২৬ মেধাৰে নগাঁও জিলা প্ৰশাসনৰ বিষয়াৰ মতবিনিময়