Advertisment

নৌচাদ আখতাৰ হাজৰিকালৈ ২০২৪ বৰ্ষৰ 'ক্ৰান্তিকাল সন্মান'...

২০২৪ বৰ্ষৰ ক্ৰান্তিকাল সন্মান আগবঢ়োৱা হৈছে নগাঁৱৰ নৌচাদ আখতাৰ হাজৰিকালৈ।এখন চহৰৰ সাংস্কৃতিক, বৌদ্ধিক পৰিবেশ এটা নিৰ্মাণ আৰু চলাই নিয়াত এজন ব্যক্তিৰ থাকিব পৰা নীৰৱ অৱদানক শ্ৰদ্ধাৰে স্বীকাৰ কৰি এই সন্মান আগবঢ়োৱা হৈছে।

author-image
Asomiya Pratidin
New Update
নৌচাদ আখতাৰ হাজৰিকালৈ ২০২৪ বৰ্ষৰ 'ক্ৰান্তিকাল সন্মান'...

ডিজিটেল সংবাদ, নগাঁওঃ ২০২৪ বৰ্ষৰ ক্ৰান্তিকাল সন্মান আগবঢ়োৱা হৈছে নগাঁৱৰ নৌচাদ আখতাৰ হাজৰিকালৈ ।এখন চহৰৰ সাংস্কৃতিক, বৌদ্ধিক পৰিবেশ এটা নিৰ্মাণ আৰু চলাই নিয়াত এজন ব্যক্তিৰ থাকিব পৰা নীৰৱ অৱদানক শ্ৰদ্ধাৰে স্বীকাৰ কৰি এই সন্মান আগবঢ়োৱা হৈছে।

Advertisment

'কল্লোল'ৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে ১৯৭২ চনৰে পৰা আজিলৈ দায়িত্বভাৰ লৈ বিগত সময়চোৱাত কল্লোল আৰ্ট স্কুল, নগাঁও চিনে ক্লাব, নগাঁও গ্ৰন্থ মেলা আদিৰ গুৰি ধৰোতা অথবা মূল মানুহ নৌচাদ আখতাৰ হাজৰিকাই নগাওঁ চহৰখনক সাংস্কৃতিক আৰু বৌদ্ধিক ভাবে সঞ্জীৱিত কৰি ৰখাত মুখ্য ভূমিকা পালন কৰি আহিছে। সেয়ে এসময়ত মহিম বৰাই কৈ গৈছিস "নৌচাদেই কল্লোল, কল্লোলেই নৌচাদ "।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে এই সন্মান আগবঢ়োৱা হৈছিল কবীন ফুকন, আনন্দ চন্দ্ৰ দত্ত, প্ৰণৱজ্যোতি ডেকা, বসন্ত ডেকা, জ্ঞান পূজাৰী, সনন্ত তাতি, ৰফিকুল হোছেইন, অনিল ৰায়চৌধুৰী, খগেন গগৈ , জ্যোতিষ শিকদাৰ আৰু ধনী বৰালৈ ।

ক্ৰান্তিকাল সাহিত্য সন্মান- ২০২২