বাঢ়নী পানীত পৰি সলিল সমাধি ঘটিল ৫ বছৰীয়া শিশুৰ...

নগাওঁ জিলাৰ কচুৱাত সোমবাৰে বিয়লি সংঘটিত হয় এক কৰুণ ঘটনা। এটি ৫ বছৰীয়া শিশুৰ বাঢ়নী পানিত পৰি কৰুণ মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

author-image
Asomiya Pratidin
New Update
বাঢ়নী পানীত পৰি সলিল সমাধি ঘটিল ৫ বছৰীয়া শিশুৰ...

ডিজিটেল সংবাদ কামপুৰঃ নগাওঁ জিলাৰ কচুৱাত সোমবাৰে বিয়লি সংঘটিত হয় এক কৰুণ ঘটনা। এটি ৫ বছৰীয়া শিশুৰ বাঢ়নী পানিত পৰি কৰুণ মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে। 

Advertisment

জানিব পৰা মতে কচুৱাৰ পশ্চিম নাৰায়ণপুৰত সংঘটিত হৈছে এই ঘটনা।  সোমবাৰে বিয়লি খেলি থকাৰ মাজতে সন্ধানহীন হয় শিশুটি। তাৰ পিছত বহু বিচাৰিলে যদিও শিশুটিৰ কোনো সন্ধান নোলাল। 

আজি পুৱা পথাৰৰ বাঢ়নী পানীত উদ্ধাৰ হয় শিশুটিৰ মৃতদেহ। বাঢ়নী পানীত পৰি এইদৰে কৰুণ মৃত্যুক সাৱটি লোৱা শিশুটিৰ নাম বিশাল ৰাজভৰ। 

উল্লেখ্য যে, বিশাল নামৰ এই শিশুটিৰ জন্মৰ পিছতেই তেওঁৰ মাতৃৰ মৃত্যু ঘটিছিল। তাৰ পিছৰ পৰাই জেঠায়েকেই ডাঙৰ-দীঘল কৰিছিল। মঙলবাৰে পুৱা শিশুটিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে কচুৱা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ শিশুটিৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে। 

বানপানী কচুৱা