/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/b751e208-d133-4fbd-99c8-edf3f17d2135/Banpani.jpg)
ডিজিটেল সংবাদ, কামপুৰ : বিগত দিনকেইটাত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত কামপুৰত কপিলী নদীৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰাত কপিলীপৰীয়া ৰাইজ আতংকিত হৈ পৰিছে। কপিলী জলবিদ্যুৎ প্ৰকল্পৰ ৬খন কৈ চুইছ গেট খুলি দিয়াৰ পিছত কামপুৰত কপিলীপৰীয়া ৰাইজক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে প্ৰশাসনে।
ইফালে বিগত বছৰত প্ৰলয়ংকাৰী বানত কামপুৰৰ বহু কেইটা অঞ্চলৰ ৰাইজ সৰ্বস্বান্ত হৈ পৰাৰ পাছত পুনৰ বানপানীৰ মুখামুখি হোৱাৰ আশংকাই ৰাইজক বাৰুকৈয়ে চিন্তিত কৰি তুলিছে। বিশেষকৈ ৰহা সমষ্টিৰ অন্তৰ্গত বকুলগুৰি, গোসাইগাওঁ, কুম্ভিৰডুবি, পদুমনি, সৰিয়হতলী আদি কেবাটাও অঞ্চলত যোৱাটো বানে বিভিন্ন ঠাইত মথাউৰি ছিঙি ত্ৰাসৰ সৃষ্টি কৰিছিল। বানপীড়িত ৰাইজৰ প্ৰবল দাবীত মথাউৰি সমূহ নিৰ্মাণ কৰিছে যদিও বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা ঠাইত নিৰ্মাণৰ কাম বিভাগীয় কৰ্তৃপক্ষই পলমকৈ হাতত লোৱাত বৰ্তমানেও উন্মুক্ত হৈ আছে বহু মাথাউৰি।
আকৌ কপিলী নৈৰ ব্যাপক খহনীয়া আৰম্ভ হৈছে কামপুৰ-যমুনামুখ পথৰ কামপুৰৰ তিনি নং ৰে'ল গেটৰ কাষৰ সৰিয়হতলিত। অৱশ্যে ইতিমধ্যে গড়কাপ্তানী বিভাগে উক্ত পথটো বন্ধ কৰিছে। বিগত বৰ্ষত এই ঠাইত প্ৰৱল খহনীয়া হৈছিল যদিও মেৰামতি নোহোৱাত ব্যাপক ভাবুকি আহি পৰিছে পথটোলৈ। কৃষক মুক্তি সংগ্ৰাম সমিতিকে আদি কৰি আন বহু কেইটা দল সংগঠন আৰু অঞ্চলৰ ৰাইজে চৰকাৰক শীঘ্ৰে বান্ধটো নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছে।
উল্লেখ্য যোৱা বছৰৰ বানৰ সময়ত বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰিবলৈ গৈ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই বানৰ পিছতে ভগ্ন মথাউৰি সমূহ নিৰ্মাণ তথা কামপুৰক বানমুক্ত কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল। পিছে বৰ্তমানেও উক্ত মথাউৰি উন্মুক্ত হৈ থকাৰ অভিযোগ স্থানীয় ৰাইজৰ।
Also Read: আঘাতপ্ৰাপ্ত বনৰীয়া হাতী, অব্যাহত উদ্ধাৰ অভিযান...