Advertisment

কলিয়াবৰত বাঘে ভক্ষণ কৰিলে শ্ৰমিককঃ ছিন্ন-ভিন্ন মুণ্ড উদ্ধাৰ...

নৰখাদকৰ ৰম্যভূমিত পৰিণত হৈছে কলিয়াবৰ চাহ বাগিচাৰ পাৰ্শ্ববৰ্তী অঞ্চল। শনিবাৰে বাগিচাখনৰ ১৩ নম্বৰ খণ্ডৰ সমীপবৰ্তী এলেকাত খৰি লুৰিবলৈ যোৱা এজন লোকক ঢেকীয়াপটীয়াই ভক্ষণ কৰাৰ কথা পোহৰলৈ আহে দেওবাৰে পুৱা ৷

author-image
Asomiya Pratidin
New Update
কলিয়াবৰত বাঘে ভক্ষণ কৰিলে শ্ৰমিককঃ ছিন্ন-ভিন্ন মুণ্ড উদ্ধাৰ...

কলিয়াবৰত বাঘে ভক্ষণ কৰিলে শ্ৰমিককঃ ছিন্ন-ভিন্ন মুণ্ড উদ্ধাৰ...

ডিজিটেল সংবাদ,কলিয়াবৰঃ নৰখাদকৰ ৰম্যভূমিত পৰিণত হৈছে কলিয়াবৰ চাহ বাগিচাৰ পাৰ্শ্ববৰ্তী অঞ্চল। শনিবাৰে বাগিচাখনৰ ১৩ নম্বৰ খণ্ডৰ সমীপবৰ্তী এলেকাত খৰি লুৰিবলৈ যোৱা এজন লোকক ঢেকীয়াপটীয়াই ভক্ষণ কৰাৰ কথা পোহৰলৈ আহে দেওবাৰে পুৱা ৷

Advertisment

উল্লেখযোগ্য যে, শনিবাৰে কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ দাঁতিকাষৰীয়া ১৩ নম্বৰ বাগানত খৰি লুৰিবলৈ আৰু ছাগলীৰ বাবে গছৰ পাত আনিবলৈ গৈছিল শিলঘাটৰ কলিয়াবৰ চাহ বাগিচাৰ বৰলাইনৰ এটা দল। তেনে সময়তে এটা ঢেকীয়াপটীয়া বাঘে আক্ৰমণ কৰে যমুনা গড় নামৰ এগৰাকী মহিলাক।

মহিলাগৰাকীৰ স্বামী দিলীপ গড়ে কোনোমতে মহিলাগৰাকীক বাঘৰ মুখৰ পৰা ৰক্ষা কৰি উদ্ধাৰ কৰে। লগে-লগে লোকসকলে সেইস্থানৰ পৰা আঁতৰি আহে যদিও দলটোৰ পিছ লয় ঢেকীয়াপটীয়াই। তেতিয়াৰ পৰাই সন্ধানহীন হৈ আছিল কলিয়াবৰ বাগিচাৰ বৰ-লাইনৰ বাসুদেৱ কৰ্মকাৰ নামৰ ৬০ৰ উৰ্ধৰ শ্ৰমিক লোকজন।

আজি পুৱা কলিয়াবৰ চাহ বাগিছাৰ ১৩ নম্বৰ বাগানৰ সীমাত উদ্ধাৰ হয় কালিৰে পৰা নিৰুদিষ্ট হৈ থকা লোকজনৰ চিন্ন মুণ্ড আৰু দেহৰ অৱশিষ্ট অংশৰ লগতে লোকজনৰ কাপোৰৰ অংশ। পিছত আৰক্ষী, বন বিভাগৰ লগতে কাৰ্যবাহী দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে এই অৱশিষ্ট অংশ l

ইপিনে আজি লোকজনৰ চিন্ন-ভিন্ন মুণ্ড উদ্ধাৰ হোৱাৰ পিছত ক্ষোভিত অঞ্চলটোৰ ৰাইজে শিলঘাট আৰক্ষী চকী ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। ৰাইজে বনবিভাগ ,জিলা প্ৰশাসনৰ বিৰুদ্ধে বিভিন্ন ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে।

বাঘৰ সন্ত্ৰাস ৰোধ কৰাক আৰক্ষী-বন বিভাগ ব্যৰ্থ হোৱাৰ অভিযোগ কৰাৰ লগতে বাঘে ভক্ষণ কৰা বাসুদেৱ কৰ্মকাৰৰ পৰিয়ালৰ লোকক ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰে প্ৰতিবাদী লোকসকলে। পিছত প্ৰতিবাদস্থলীত স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত উপস্থিত হৈ বাগিচাত কাম কৰা লোকসকলক সুৰক্ষা প্ৰদানৰ আশ্বাস দিয়াৰ পিছত শান্ত হয় লোকসকল।

উল্লেখ্য যে,ৰাইজে অঞ্চলটোৰ লোকসকলক বাঘৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰিবলৈ চৰকাৰ তথা বনবিভাগক দাবী জনাইছে। বিগত প্ৰায় এবছৰ ধৰি শিলঘাট, কলিয়াবৰ চাহ বাগিচা, নাম কামাখ্যা, কামাখ্যা, সোণাৰিগাওঁ, সোণাৰিশাখা চাহ বাগিচা, হাতীমুৰা আদি অঞ্চলত চাৰিটাকৈ বাঘে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল।

অৱশ্যে কেইদিনমানৰ আগতে জখলাবন্ধাৰ ওচৰত ইয়াৰে এটা বাঘ ট্ৰেংকুলাইজ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ বন বিভাগে লৈ যায়। এতিয়া তিনিটা বাঘে কামাখ্যা পাহাৰৰ পাদদেশৰ এই অঞ্চলসমূহত সন্ত্ৰাস চলাই আছে। ফলত অঞ্চলটোৰ ৰাইজ নিৰাপত্তাহীনতাত ভোগাৰ লগতে উজাগৰী নিশা কটাব লগা হৈছে।

এই অঞ্চলৰ ৰাইজক বাঘৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ বন বিভাগে বৈদ্যুতিক ফেন্সিঙৰ ব্যৱস্থা কৰিছিল যদিও সেয়া উপযুক্ত স্থানত নিদিয়াৰ অভিযোগ কৰিছে। ইপিনে আজি এই ঘটনাৰ খবৰ পোৱাৰ পিছতে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত বাগিচাখনত উপস্থিত হৈ ৰাইজৰ লগত এই সন্দৰ্ভত মত বিনিময় কৰে।

সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে, আজি এবছৰ ধৰি এই অঞ্চলত বাঘ বিচৰণ কৰি আছে। গৰু-ছাগলী খাইছে। কিন্তু মানুহক আক্ৰমণ কৰা নাছিল। এতিয়া বাঘে মানুহ আক্ৰমণ কৰিছে। ইয়াৰ বাঘ নৰখাদকলৈ ৰূপান্তৰিত হৈছে। এই বাঘ থাকিলে মানুহৰ বিপদ হ'ব। সেয়ে বনবিভাগক এই বাঘ ট্ৰেংকুলাইজ কৰি কাজিৰঙালৈ লৈ যাবলৈ বন বিভাগক আহ্বান জনাইছো। বন বিভাগে এই ক্ষেত্ৰত শীঘ্ৰে পদক্ষেপ ল'ব বুলি মই আশাবাদী।

ইতিমধ্যে বনবিভাগৰ তহলদাৰী দলৰ সংখ্যা বৃদ্ধি কৰা হৈছে বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, বাঘৰ আক্ৰমণত নিহত লোকজনৰ পৰিয়ালে তৎকালীনভাবে ক্ষতিপূৰণ লাভ কৰিব। উল্লেখ্য যে, দীৰ্ঘদিন ধৰি কেইবাটাও ঢেকীয়াপটীয়া বাঘে কলিয়াবৰ চাহ বাগিচাৰ বিভিন্ন প্ৰান্তত মুক্ত বিচৰণ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল।

বাঘে অঞ্চলটোত প্ৰায়ে নিধন কৰি আহিছে পশুধন। চলিত বৰ্ষৰে ১৩ ছেপ্টেম্বৰৰ দুপৰীয়া খৰি লুৰিবলৈ পাহাৰলৈ যোৱা সোণাৰি বাগানৰ মহাদেৱ তছা নামৰ আন এজন লোকো সন্ধানহীন হৈ আছিল। পাহাৰত কাপোৰ উদ্ধাৰ হোৱা সেই লোকজনকো বাঘে ভক্ষণ কৰাৰ সন্দেহ কৰিছিল স্থানীয় ৰাইজে।

কিন্তু আৰক্ষী বা বন বিভাগে সেয়া বাঘৰ আক্ৰমণৰ ঘটনা নহয় বুলি প্ৰতিয়ন নিয়াব বিচাৰিছিল। কিন্তু সেই ঘটনাৰ তিনিমাহৰ পিছতে পুনৰ এজন লোকক বাঘে ভক্ষণ কৰাত অঞ্চলজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। ইপিনে নৰখাদক বনৰজাৰ সন্ত্ৰাসৰ বাবেই আজিৰে পৰা শিলঘাট ত্ৰিশূলধাৰীত বনভোজস্থলী নিষিদ্ধ কৰিছে আৰক্ষী প্ৰশাসনে ৷

কলিয়াবৰ বাঘৰ আক্ৰমণ