পুৰণিগুদামত অবিৰত কবিতা পাঠৰ মননশীল অনুষ্ঠান সম্পন্ন...

পুৰণিগুদামত অবিৰত কবিতা পাঠৰ মননশীল অনুষ্ঠান সম্পন্ন...
পুৰণিগুদামত অবিৰত কবিতা পাঠৰ মননশীল অনুষ্ঠান সম্পন্ন...

ডিজিটেল সংবাদ বঢ়মপুৰ: পুৰণিগুদামৰ সুসন্তান ,বিশিষ্ট সাহিত্যিক ফনীন্দ্ৰ নাথ গায়নৰ ৮৫ সংখ্যক ওপজা দিন উপলক্ষে ড° বিৰিঞ্চিকুমাৰ বৰুৱা মহাবিদ্যালয় ,পুৰণিগুদামত আজি অনুষ্ঠিত হয় অবিৰত কবিতা পাঠৰ এক মননশীল অনুষ্ঠান ৷ পুৰণিগুদাম কবি সন্মিলনৰ উদ্যোগত আৰু ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সহযোগত আয়োজিত কবিৰ মহাসভাত সভাপতিত্ব কৰে কবি সন্মিলনৰ সভাপতি নবীন কলিতাই ৷

বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নিপেন দাসে আদৰণি ভাষন প্ৰদান কৰা অনুষ্ঠানটিত লাইআটি সত্ৰৰ সত্ৰাধিকাৰ যুগল চন্দ্ৰ দেৱ গোস্বামী , সমাজ কৰ্মী পুলিন হাজৰিকা,চামগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ইন্দ্ৰজিত বেজবৰুৱা, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ নগাঁও জিলাৰ সভাপতি দিলীপ শৰ্মাকে ধৰি কেইবাগৰাকীও ব্যক্তিৰ লগতে পুৰণিগুদামৰ বহুকেইটা অনুষ্ঠানৰ প্ৰতিনিধিবৰ্গই বিশিষ্ট সাহিত্যিক ফনীন্দ্ৰ নাথ গায়নক জন্মদিনৰ ওলগ জ্ঞাপন কৰে ৷

চাপানালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা পাৰুল গায়নে পৰিৱেশন কৰা এটি বৰগীতেৰে শুভাৰম্ভ হোৱা অবিৰত কবিতা পাঠ অনুষ্ঠানত ড° কেশৱ বৰা,মুনিন্দ্ৰ শইকীয়া,সুনীল কুমাৰ শৰ্মা,ভাৰতী বৰা,ৰাহুল দেৱ বৰদলৈ,হেলেন পণ্ডিত,হেৰম্বৰ প্ৰসাদ গোস্বামী, পুষ্পাঞ্জলী শইকীয়া,কাৱেৰী মহন্ত,কবিতা দাস,দীপা শইকীয়া,জয়ন্তী বৰা,চন্দ্ৰ শইকীয়া,বিপুল মজুমদাৰ ,প্ৰফুল্ল বৰাকে ধৰি প্ৰায় একুৰিমান কবিয়ে কবিতা পাঠ কৰা পৰিলক্ষিত হয় ৷ অনুষ্ঠানৰ পূৰ্বে উদ্যোক্তা দুলাল বৰাই আয়োজন কৰা টেবুল গ্ৰন্থমেলাখনি উন্মোচন কৰে খগেন শইকীয়াই ৷

পুৰণিগুদামত অবিৰত কবিতা পাঠৰ মননশীল অনুষ্ঠান সম্পন্ন...
খুমটাইত অঘটনঃ খেলি থকাৰ অৱস্থাতে মাতৃৰ চাদৰত চিপলাগি কিশোৰৰ মৃত্যু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in