বটদ্ৰৱা থানত মাধৱদেৱ গুৰুজনাৰ কীৰ্ত্তন মহোৎসৱ

বটদ্ৰৱা থানত মাধৱদেৱ গুৰুজনাৰ কীৰ্ত্তন মহোৎসৱ

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱা থানত মাধৱদেৱ গুৰুজনাৰ কীৰ্ত্তন মহোৎসৱ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ আজি মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি। পুৱাৰে পৰা হৰি নামৰ অমৃতসৰ নিজৰা বোৱাই দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে বটদ্ৰৱা থান।

Advertisment

মাধৱদেৱৰ তিথি বটদ্ৰৱা থানত "মাধৱদেৱ গুৰুজনাৰ কীৰ্ত্তন" মহোৎসৱ হিচাপে পালন কৰা হয়। সোমবাৰে পুৱা তাল কোবোৱা প্রসঙ্গ, মঞ্জিৰা নাম, আইসকলৰ নামৰ পাছত খোল প্ৰসঙ্গ, দুপৰীয়া নাম প্ৰসঙ্গৰ আৰু বিয়লি দধিমথন নাটৰ পৰিবেশন কৰিব কন-কন শিশুসকলে।

ইফালে মাধৱদেৱৰ তিৰোঁভাব তিথি উপলক্ষে বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱৰ উপস্থিতিত উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে বটদ্ৰৱা থানত।

বটদ্ৰৱা থান