Advertisment

সাংস্কৃতিক কৰ্মী কিৰণ হাজৰিকাৰ মৃত্যুত শোক...

ৰাইদঙীয়া অঞ্চলৰ নতুন ভোগবাৰী সত্ৰ নিৱাসী বিশিষ্ট সমাজসেৱক, সাংস্কৃতিক কৰ্মী কিৰণ হাজৰিকাৰ বৃহস্পতিবাৰে নিশা বিয়োগ ঘটে। তেওঁৰ মৃত্যুত ভিন্নজনে শোক প্ৰকাশ কৰিছে।

author-image
Asomiya Pratidin
New Update
সাংস্কৃতিক কৰ্মী কিৰণ হাজৰিকাৰৰ মৃত্যুত শোক...

ডিজিটেল সংবাদ বটদ্ৰৱাঃ নগাঁও জিলাৰ ৰাইদঙীয়া অঞ্চলৰ নতুন ভোগবাৰী সত্ৰ নিৱাসী বিশিষ্ট সমাজসেৱক, সাংস্কৃতিক কৰ্মী কিৰণ হাজৰিকাৰ বৃহস্পতিবাৰে নিশা বিয়োগ ঘটে। তেখেত এগৰাকী দক্ষ অভিনেতা, গীতিকাৰ, সুৰকাৰ তথা সংগীত প্ৰেমী ব্যক্তি আছিল।

Advertisment

বিভিন্ন মঞ্চনাট, ভ্ৰাম্যমাণ থিয়েটাৰ আৰু দূৰদৰ্শনৰ অসমীয়া চিৰিয়েলত অভিনয় কৰি তেখেতে তেখেতৰ অভিনয় প্ৰতিভাৰ চিনাকী দিছিল। নগাঁও সংগীত শিল্পী মঞ্চ, ৰাইডঙীয়া কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতি, ৰাইডঙীয়া শংকৰদেৱ শিশু নিকেতনৰ পৰিচালনা সমিতিৰ সম্পাদককে আদি কৰি বৃহত্তৰ ৰাইদঙীয়া অঞ্চলৰ বহুকেইটা অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতঃভাৱে জড়িত কিৰণ হাজৰিকাই সেৱা আগবঢ়াইছিল।

অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ হাজৰিকা সুৰুচিপূৰ্ণ শিল্পী, স্পষ্টবাদী আৰু নতুন প্ৰজন্মক উৎসাহ প্ৰদান কৰা ব্যক্তি হিচাপে নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ সকলোৰে পৰিচিত হৈ পৰিছিল। এই গৰাকী সৰবৰহী শিল্পীৰ আকস্মিক মৃত্যুত অসমৰ সাংস্কৃতিক জগতৰ লগতে নগাঁও জিলা, বটদ্ৰৱা, ৰাইদঙীয়া, হাতীচোং, চকলাঘাট, জাজৰি অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে।

তেখেতৰ মৃত্যুত শোক প্ৰকাশ কৰি বিধায়ক ৰূপক শৰ্মাই কয়, " কিৰণ হাজৰিকাৰ মৃত্যু নগাঁৱৰ সমাজ জীৱন আৰু সাংস্কৃতিক পথাৰখনৰ বাবে এক অপূৰণীয় ক্ষতি।"  মৃত্যুৰ সময়ত তেখেতে পত্নী তথা অনাতাঁৰ শিল্পী দিপালী বৰা হাজৰিকা,  দুই পুত্র নূপূৰ আৰু জুনুকাসহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

বটদ্ৰৱা ৰাইডঙিয়া