ডিজিটেল সংবাদ, বঢ়মপুৰঃ নগাঁও জিলাৰ বঢ়মপুৰ ছহিদ ঠগী সূত ক্ৰীড়া প্ৰকল্পত ৰাজ্যৰ সৰ্ববৃহৎ ক্ৰীড়া উৎসৱ খেল মহাৰণৰ শুভাৰম্ভ। সমষ্টি ভিত্তিত আয়োজিত এই খেল মহাৰণত বঢ়মপুৰ সমষ্টিৰ ২৯ খন গাঁও পঞ্চায়তৰ প্ৰায় ৩৫০০ খেলুৱৈ অংশগ্ৰহণ কৰে।
বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে শুভ উদ্বোধন কৰা এই অনুষ্ঠানত বঢ়মপুৰ সমষ্টিৰ কেইবাজনো ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক খেলুৱৈ উপস্থিত থাকে। অতি আড়ম্বৰপূৰ্ণ মাজৰে আয়োজিত এই খেল মহাৰণত আৰক্ষী বাহিনীৰ বেণ্ডৰ লগতে খেলুৱৈসকলে কুচকাৱাজত অংশগ্ৰহণ কৰে।
উল্লেখ্যে যে, বিগত বৰ্ষত ৰাজ্য চৰকাৰে আয়োজন কৰা খেল মহাৰণৰ চূড়ান্ত খেলত বঢ়মপুৰ সমষ্টিৰ কেইবাজনো খেলুৱৈ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল ।