খাগৰিজান মহাবিদ্যালয়ৰ ৫২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

পুৱা পতাকা উত্তোলনৰে প্ৰতিষ্ঠা দিৱসৰ শুভাৰম্ভ কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰমেশ নাথে।

author-image
Asomiya Pratidin
New Update
খাগৰিজান মহাবিদ্যালয়ৰ ৫২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ডিজিটেল সংবাদ, বেবেজীয়া : নগাঁৱৰ অন্যতম আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান খাগৰিজান মহাবিদ্যালয়ৰ ৫২ সংখ্যক প্ৰতিষ্ঠা দিৱস বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে  উদযাপন কৰা হয়। পুৱা পতাকা উত্তোলনৰে প্ৰতিষ্ঠা দিৱসৰ শুভাৰম্ভ কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰমেশ নাথে।

Advertisment

ছহিদ তৰ্পন অনুষ্ঠান মুকলি কৰে প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষা চেলিমা চুলতানা খণ্ডকাৰে। গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে প্ৰাক্তন কাৰ্যালয় মুখ্য সহায়ক দিগেন চন্দ্ৰ বৰাই।

মহাবিদ্যালয় চৌহদ নিকাকৰণ কাৰ্যসূচী মুকলি কৰে অধ্যাপক মাইনুল হক আকন্দই। ইয়াৰ পিছতে অনুষ্ঠিত মহাবিদ্যালয় ঐতিহ্যৰ আলোকপাত শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰি উপাধ্যক্ষ ড০ জোনাৰাম নাথে খাগৰিজান মহাবিদ্যালয় স্থাপন কৰাৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে মহাবিদ্যালয়ৰ ইতিহাস সম্পৰ্কে কিছু আভাষ দাঙি ধৰে। অধ্যাপিকা মৈত্ৰেয়ী দত্ত , ঝৰনা মৰাণ, ৰূপালী তালুকদাৰ আৰু বিচিত্ৰা পেগুৰ পৰিচালনাত ছাত্ৰ -ছাত্ৰীৰ মাজত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিয়লি বঁটা বিতৰণি অনুষ্ঠান অনুষ্ঠিত হয়।

উল্লেখ্য যে  মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰমেশ নাথে মহাবিদ্যালয়ৰ এখন প্ৰাচীৰ পত্ৰিকা  উন্মোচন  কৰে। সন্ধিয়া বন্তি প্ৰজ্বলনৰে প্ৰতিষ্ঠা দিৱসৰ সামৰণি পৰে।

KHAGARIJAN COLLEGE Bebejia