বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ প্ৰয়াত দেবানন্দ দেৱ গোস্বামীৰ বাসগৃহত মন্ত্ৰী কেশৱ মহন্ত আৰু অতুল বৰা

 বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ প্ৰয়াত দেবানন্দ দেৱ গোস্বামীৰ বাসগৃহত মন্ত্ৰী কেশৱ মহন্ত আৰু অতুল বৰা

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ সদ্য প্ৰয়াত বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেবানন্দ দেৱ গোস্বামীৰ বাসগৃহত বৃহস্পতিবাৰে মন্ত্ৰী কেশৱ মহন্ত, অতুল মহন্তকে প্ৰমুখ্য কৰি অগপ দলৰ নেতা কৰ্মীসকল উপস্থিত হয়। সত্ৰাধিকাৰ গৰাকীৰ বিয়োগৰ ৫ দিন পিছতে তেখেতৰ বাসগৃহত প্ৰয়াত দেৱ গোস্বামীৰ ভাৰ্য্যা ইলোৰা গোস্বামী, পুত্ৰ অম্লান জ্যোতি দেৱগোস্বামী, উজ্বল জ্যোতি দেৱগোস্বামীকে আদি কৰি পৰিয়ালবৰ্গক সাক্ষাৎ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

উল্লেখযোগ্য যে, যোৱা ২৩ মাৰ্চ শনিবাৰৰ নিশা হৃদ ৰোগত আক্ৰান্ত হৈ হঠাৎ বিয়োগ হৈছিল সত্ৰীয়া সংস্কৃতিৰ পুৰোধা ব্যক্তি সত্ৰাধিকাৰ দেবানন্দ দেৱগোস্বামী। দুয়োগৰাকী মন্ত্ৰীয়ে অসম গণ পৰিষদ দলৰ হৈ প্ৰয়াত দেৱগোস্বামীৰ ভাৰ্য্যা ইলোৰা গোস্বামীৰ হাতত শ্ৰদ্ধাঞ্জলি পত্ৰ অৰ্পণ কৰে।

 বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ প্ৰয়াত দেবানন্দ দেৱ গোস্বামীৰ বাসগৃহত মন্ত্ৰী কেশৱ মহন্ত আৰু অতুল বৰা
৪৫ বছৰে লাহৰীঘাট চলালে এটা পৰিয়ালে, কিন্তু মথাউৰিৰ বাবে ৬০ কোটি টকা দিব নোৱাৰিলে: পিযুষ হাজৰিকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in